Advertisment

ভাৰতৰ ৰপ্তানি এটা দশকত ৬৭% বৃদ্ধি, স্পৰ্শ ৭৭৮ বিলিয়ন ডলাৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱালে সংসদীয় প্ৰশ্নৰ উত্তৰত উল্লেখ কৰে যে ভাৰতৰ মুঠ ৰপ্তানি ২০১৩-১৪ চনত ৪৬৬ বিলিয়ন ডলাৰৰ তুলনাত ২০২৩-২৪ চনত প্ৰায় ৭৭৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। এই বৃদ্ধিৰ শতাংশ প্ৰায় ৬৭ শতাংশ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ বিগত দশকত ভাৰতৰ ৰপ্তানিৰ প্ৰদৰ্শন যথেষ্ট বৃদ্ধি পাইছে। বিশ্ব বজাৰত ভাৰতীয় সামগ্ৰীৰ বিশ্বাসযোগ্যতা আৰু চাহিদা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱালে সংসদীয় প্ৰশ্নৰ উত্তৰত উল্লেখ কৰে যে ভাৰতৰ মুঠ ৰপ্তানি ২০১৩-১৪ চনত ৪৬৬ বিলিয়ন ডলাৰৰ তুলনাত ২০২৩-২৪ চনত প্ৰায় ৭৭৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। এই বৃদ্ধিৰ শতাংশ প্ৰায় ৬৭ শতাংশ।

Advertisment

ৰপ্তানিৰ পৰিমাণ বৃদ্ধি কৰিবলৈ বৰ্তমানলৈ চৰকাৰে কেইবাটাও পদক্ষেপ ৰূপায়ণ কৰিছে। ২০২৩ চনৰ এপ্ৰিল মাহত আৰম্ভ হোৱা বৈদেশিক বাণিজ্য নীতিয়ে ৰপ্তানি বৃদ্ধি আৰু বাণিজ্য প্ৰক্ৰিয়া সহজ কৰাৰ এক দিশ প্ৰদান কৰিছে।

কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষই (এপিইডিএ) আৰ্থিক সাহায্যৰ লগতে  আন্তঃগাঁথনি উন্নীতকৰণ  আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত অংশগ্ৰহণৰ জৰিয়তে কৃষিজাত সামগ্ৰী ৰপ্তানিৰ প্ৰসাৰ ঘটায়। একেদৰে সামুদ্ৰিক সামগ্ৰী ৰপ্তানি উন্নয়ন কৰ্তৃপক্ষই (এমপিইডিএ) মূল্য সংযোজনৰ সুবিধা আৰু জলজ কৃষি উৎপাদন বৃদ্ধি কৰি সাগৰীয় ৰপ্তানিকাৰকসকলক সহায় কৰি আহিছে।

ভাৰতীয় সামগ্ৰীৰ গুণগত মানদণ্ড বজাই ৰখাৰ বাবে কেন্দ্ৰই বিহিত ব্যৱস্থা গ্ৰহণ কৰি আহিছে । বিদেশত ভাৰতীয় সামগ্ৰীৰ মান যাতে কেতিয়াও নিম্নমানদণ্ডৰ নহয় এই ক্ষেত্ৰত চোকা নজৰ দি আহিছে ভাৰত চৰকাৰৰ অধীনস্থ বিভিন্ন সংস্থাই ।  

ৰপ্তানি