ভাৰতৰ ইলেক্ট্ৰনিকছ উৎপাদন বৃদ্ধি! অভিলেখ সৃষ্টি কৰি ৩.২৫ লাখ কোটি টকাৰ ৰপ্তানি...

ভাৰতৰ ইলেক্ট্ৰনিকছ উৎপাদনে সৃষ্টি কৰিলে অভিলেখ। শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে- বিগত ৬ বছৰত ভাৰতত ইলেক্ট্ৰনিকছ উৎপাদন পাঁচগুণ বৃদ্ধি হৈ মুঠ মূল্য

author-image
Asomiya Pratidin
New Update
iuiis

ডিজিটেল ডেস্কঃ ভাৰতৰ ইলেক্ট্ৰনিকছ উৎপাদনে সৃষ্টি কৰিলে অভিলেখ। শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে- বিগত ৬ বছৰত ভাৰতত ইলেক্ট্ৰনিকছ উৎপাদন পাঁচগুণ বৃদ্ধি হৈ মুঠ মূল্য ১১ লাখ কোটি টকা অতিক্ৰম কৰিছে। ইলেক্ট্ৰনিক ৰপ্তানিও যোৱা দশকত ছয়গুণ বৃদ্ধি পাইছে আৰু এতিয়া ৩.২৫ লাখ কোটি টকা অতিক্ৰম কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। 

শুকুৰবাৰে (১৮ এপ্ৰিল) হাৰিয়ানাৰ মানেছাৰৰ কোম্পানীটোৰ গ্ল’বেল ইনোভেচন পাৰ্কত ভিভিডিএন টেকন’লজিছৰ অত্যাধুনিক ছাৰ্ফেচ মাউণ্ট টেকন’লজি (এছএমটি) লাইন আৰু মেকানিকেল ইনোভেচন পাৰ্ক উদ্বোধন কৰাৰ পিছত বৈষ্ণৱে বিগত ১০ বছৰত ইলেক্ট্ৰনিকছ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে। 

মন্ত্ৰীগৰাকীয়ে কয় যে- শেহতীয়াকৈ কেবিনেটে অনুমোদন জনোৱা নিউ ইলেক্ট্ৰনিকছ কম্পোনেণ্ট মেনুফেকচাৰিং আঁচনিখনে বিশ্বব্যাপী ইলেক্ট্ৰনিকছ যোগান শৃংখলত ভাৰতৰ স্থান আৰু অধিক শক্তিশালী কৰি তুলিছে। তেওঁ লগতে কয়- শীঘ্ৰে আঁচনিৰ গাইডলাইন জাৰি কৰা হ’ব। ইলেক্ট্ৰনিকছ উৎপাদনক ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ অন্যতম ডাঙৰ সফলতাৰ কাহিনী হিচাপে আলোকপাত কৰি বৈষ্ণৱে কয় যে এই খণ্ডত এতিয়া ২৫ লাখৰো অধিক লোকে কৰ্মসংস্থাপন লাভ কৰিছে আৰু অনাগত বছৰবোৰত সূচকীয় বৃদ্ধিৰ বাবে সাজু হৈছে। 

মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত এতিয়া কেৱল নিৰ্মাণৰ প্ৰতিভাই নহয়, অত্যাধুনিক ইলেক্ট্ৰনিক সামগ্ৰী ডিজাইন কৰাৰ প্ৰতিভা আছে। মন্ত্ৰীগৰাকীয়ে বৌদ্ধিক সম্পত্তিৰ অধিকাৰ সুৰক্ষা, ডিজাইন নেতৃত্বাধীন উদ্ভাৱন, আৰু বৈচিত্ৰময় আপুৰুগীয়া পৃথিৱীৰ যোগান শৃংখলৰ ক্ষেত্ৰত লংঘিত এক বিশ্বাসযোগ্য ইলেক্ট্ৰনিকছ উৎপাদন ঘাটি গঢ়ি তোলাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে। 

ভাৰত