/asomiyapratidin/media/media_files/2025/07/21/america-2025-07-21-11-38-32.jpg)
ডিজিটেল ডেস্ক : শেহতীয়াকৈ ভাৰতে অটোমোবাইল খণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে। শেহতীয়া সমীক্ষা অনুসৰি ভাৰতৰ ইলেক্ট্ৰনিকছ খণ্ডয়ো বিশ্বৰ বজাৰত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।
২০২৫-২৬ বিত্তীয় বৰ্ষৰ এপ্ৰিল, মে’ আৰু জুন এই তিনি মাহৰ সমীক্ষা অনুসৰি ভাৰতৰ ইলেক্ট্ৰনিকছ সামগ্ৰীৰ ৰপ্তানিৰ হাৰ বহু পৰিমাণ বৃদ্ধি পাইছে। এই সময়ছোৱাত ভাৰতৰ ইলেক্ট্ৰনিকছ সামগ্ৰীৰ ৰপ্তানিৰ হাৰ ৪৭ শতাংশলৈকে বৃদ্ধি পাইছে।– এই তথ্য সদৰী কৰিছে দেশৰ বাণিজ্য মন্ত্ৰালয়ে।
বাণিজ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৫-২৬ৰ এপ্ৰিল-জুন ত্ৰৈমাসিকৰ ভিতৰত ভাৰতৰ ইলেক্ট্ৰনিকছ সামগ্ৰী আমেৰিকা, ইউ এ ই আৰু চীনলৈ ৰপ্তানি কৰিছে। ইতিমধ্যে সঘনাই এই তিনিওখন দেশলৈ ৰপ্তানি কৰা বাবে ভাৰতে অভিলেখ স্থাপন কৰিলৈও সক্ষম হৈছে।
একেদৰে নেদাৰলেণ্ড আৰু জাৰ্মানীলৈকেও ভাৰতে ইলেক্ট্ৰনিক সামগ্ৰী ৰপ্তানি কৰি অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে।