১০মাহত ভাৰতৰ ইলেক্টনিকছ সামগ্ৰী ৰপ্তানিয়ে পাৰ কৰিছে ২.৫ লাখ কোটিৰ সীমা...

চলিত বিত্তীয় বৰ্ষৰ মাত্ৰ ১০ মাহৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ২.৫ লাখ কোটিৰ সীমা অতিক্ৰম কৰিছে। এই ক্ষেত্ৰত বিশেষভাৱে অৰিহনা যোগাইছে স্মাৰ্টফোনে। 

author-image
Asomiya Pratidin
New Update
ৰপ্তানি

ৰপ্তানি

ডিজিটেল ডেস্কঃ ৰপ্তানিৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ ১০টা ছেগমেন্টৰ ভিতৰত সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা শাখাটো হৈছে ভাৰতত ইলেক্টনিকছ ক্ষেত্ৰখন। চলিত বিত্তীয় বৰ্ষৰ মাত্ৰ ১০ মাহৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ২.৫ লাখ কোটিৰ সীমা অতিক্ৰম কৰিছে। এই ক্ষেত্ৰত বিশেষভাৱে অৰিহনা যোগাইছে স্মাৰ্টফোনে। 

Advertisment

এক বজাৰ গৱেষণা প্ৰতিষ্ঠানৰ শেহতীয়া প্ৰতিবেদন অনুসৰি 2025 চনত ভাৰতৰ স্মাৰ্টফোনৰ বজাৰখনে 50 বিলিয়ন ডলাৰ (প্ৰায় 4.2 লাখ কোটি টকা)ৰ পৰিসংখ্যা অতিক্ৰম কৰি সৰ্বোচ্চ মূল্যত উপনীত হ’ব পাৰে ।

বজাৰ গৱেষণা সংস্থা কাউণ্টাৰপইণ্ট ৰিচাৰ্চে শ্বেয়াৰ কৰা এক প্ৰতিবেদন অনুসৰি ভাৰতীয় স্মাৰ্টফোন বজাৰৰ খুচুৰা গড় বিক্ৰী মূল্য (এ এছ পি) 2025 চনত প্ৰথমবাৰৰ বাবে 300 ডলাৰ (প্ৰায় 26000 ₹)ৰ সীমা অতিক্ৰম কৰিব পাৰে । এই কথা বুজিবলৈ আপুনি 2025 চনৰ সম্ভাৱ্য মূল্যক 2021 চনৰ মুঠ বজাৰ মূল্যৰ সৈতে তুলনা কৰিব পাৰে ।

2021 চনত ভাৰতীয় স্মাৰ্টফোন বজাৰৰ মুঠ মূল্য আছিল 37.9 বিলিয়ন ডলাৰ (প্ৰায় 3.2 লাখ কোটি টকা)। 2021 আৰু 2025 চনৰ এই পৰিসংখ্যা চালে বুজিব পাৰি যে ভাৰতত স্মাৰ্টফোনৰ চাহিদা কিমান দ্ৰুতগতিত বৃদ্ধি পাইছে ।

প্ৰতিবেদন অনুসৰি ভাৰতীয় স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলে এতিয়া প্ৰিমিয়াম আৰু আল্ট্ৰা প্ৰিমিয়াম ছেগমেণ্টত (30 হাজাৰ টকাৰ ওপৰত) ফোন ক্ৰয়ৰ প্ৰতি অধিক আকৰ্ষিত হৈছে ।

ইয়াৰ দ্বাৰা ভাৰতীয় স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ পছন্দৰ পৰিৱৰ্তন প্ৰতিফলিত হৈছে, যিয়ে স্মাৰ্টফোন বজাৰৰ মূল্যবোধতো প্ৰভাৱ পেলাইছে । ব্যৱহাৰকাৰীৰ পছন্দৰ ক্ষেত্ৰত এপল আৰু ছেমছাঙৰ দৰে ব্ৰেণ্ডে এই পৰিৱৰ্তনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ।

স্মাৰ্ট মোবাইল