ভাৰতৰ ইলেক্ট্ৰনিক্স ৰপ্তানিয়ে স্পৰ্শ কৰিলে ৩.৫৮ বিলিয়ন মাৰ্কিন ডলাৰ

২০২৪ চনৰ ডিচেম্বৰ মাহত ইলেক্ট্ৰনিক্স ৰপ্তানি এতিয়ালৈকে সৰ্বাধিক। বিগত ২৪ মাহত এই সংখ্যা ৩.৫৮ বিলিয়ন ডলাৰ স্পৰ্শ কৰিছে। এই সংখ্যা বিগত ২৪ মাহৰ তুলনাত সৰ্বোচ্চ বুলি জানিব পৰা গৈছে। 

author-image
Asomiya Pratidin
New Update
xcxcc

ডিজিটেল ডেস্কঃ  ভাৰতৰ ইলেক্ট্ৰনিক্স খণ্ডৰ দ্ৰুত বিকাশ ঘটিছে। বাণিজ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি ২০২৪ বৰ্ষৰ ডিচেম্বৰ মাহত ভাৰতৰ ইলেক্ট্ৰনিক্স ৰপ্তানি ৩৫.১১ শতাংশলৈ বৃদ্ধি হৈ ৩.৫৮ বিলিয়ন মাৰ্কিন ডলাৰ স্পৰ্শ কৰে। এই সংখ্যা বিগত ২৪ মাহৰ তুলনাত সৰ্বোচ্চ বুলি জানিব পৰা গৈছে। 

একমাত্ৰ ইতিবাচক চৰকাৰী নীতি,বিশ্ব চাহিদা বৃদ্ধি আৰু ঘৰুৱা উৎপাদন ক্ষমতা সম্প্ৰসাৰণৰ ফলত হোৱা এই শক্তিশালী প্ৰদৰ্শনে দেশৰ ইলেক্ট্ৰনিক্স উৎপাদন খণ্ডৰ ক্ৰমবৰ্ধমান গতিক প্ৰতিফলিত কৰিছে।

এই সন্দৰ্ভত বাণিজ্য সচিব সুনীল বৰথৱালে কয় যে, অভিযান্ত্ৰিক আৰু ইলেক্ট্ৰনিক্সৰ ৰপ্তানি ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। ২০২৪ চনৰ ডিচেম্বৰ মাহত ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানি এতিয়ালৈকে সৰ্বাধিক। বিগত ২৪ মাহত এই সংখ্যা ৩.৫৮ বিলিয়ন ডলাৰ স্পৰ্শ কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, অক্টোবৰ আৰু নৱেম্বৰ মাহত এই চালান ক্ৰমে ৩.৪৩ বিলিয়ন ডলাৰ আৰু ৩.৪৭ বিলিয়ন ডলাৰ আছিল। যোৱা মাহত এই সংখ্যা ০.৬৩% বৃদ্ধি পাই ২.৪৯ বিলিয়ন ডলাৰ হৈছে।

ইলেক্ট্ৰনিক্স ৰপ্তানি