/asomiyapratidin/media/media_files/2025/05/05/BpJOXmr7fNO1OWiIEZLg.jpg)
অশোকা বিশ্ববিদ্যালয়ত গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ
ডিজিটেল ডেস্ক : সাম্প্ৰতিক সময়ত ভাৰতৰ অৰ্থনীতি যথেষ্টখিনি সুস্থিৰ অৱস্থাত আছে। ভাৰতীয় অৰ্থনীতিয়ে বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও এই প্ৰত্যাহ্বানসমূহ জয় কৰিবলৈ সক্ষম হৈছে। - এই মন্তব্য দেশৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ড০ ভি অনন্ত নাগেশ্বৰনৰ। তেওঁ এক আলোচনাচক্ৰত অংশ লৈ দেশৰ অৰ্থনীতিৰ স্থিতিস্থাপকতাৰ ওপৰত আস্থা প্ৰকাশ কৰি কয় যে, প্ৰত্যাহ্বানমূলক বিশ্ব পৰিৱেশৰ মাজতো ভাৰতৰ অৰ্থনীতি ভাল অৱস্থাত আছে।
প্ৰণিধানযোগ্য যে, শনিবাৰে অশোকা বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিল এক আলোচনাচক্ৰ। সেই অনুষ্ঠানতে ভাষণ দি নাগেশ্বৰনে কয় যে, বৰ্তমানৰ অৰ্থনৈতিক সূচকসমূহে ভাৰতৰ অৰ্থনীতি ভালদৰে আগবাঢ়িছে। ভাৰতে উদ্ভাৱন-নেতৃত্বাধীন, সৰ্বাংগীন বৃদ্ধিৰ কৌশল অনুসৰণ কৰাৰ লগতে সামষ্টিক অৰ্থনৈতিক স্থিতিশীলতা বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে ।
অনুষ্ঠানত তেওঁ মানৱ মূলধন, প্ৰযুক্তি, আন্তঃগাঁথনি, আৰু অবিৰত গাঁথনিগত সংস্কাৰৰ ক্ষেত্ৰত লক্ষ্যভিত্তিক বিনিয়োগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয়- ২০২৫ বিত্তীয় বৰ্ষৰ চূড়ান্ত সংখ্যা মে’ মাহত উপলব্ধ হ’ব যদিও বৰ্তমানৰ সূচকসমূহে প্ৰকাশ কৰে যে আমি ভালদৰে আগবাঢ়িছো।