/asomiyapratidin/media/media_files/2025/04/10/MPjaXMxuKoNxIgTVACeY.jpg)
ভাৰতৰ সুলভ আৰু সৰ্বব্যাপী ডিজিটেল প্ৰৱেশ বহু উন্নত ৰাষ্ট্ৰৰ ঈৰ্ষাৰ বিষয়
ডিজিটেল ডেস্ক: ভাৰতৰ ডিজিটেল বিপ্লৱ অপ্ৰতিৰোধ্য গতিত আগুৱাইছে ৷ “বি এ স্প’ৰ্ট: ভাৰতৰ বিলিয়ন ডলাৰ ডিজিটেল প্লে” শীৰ্ষক পেনেল আলোচনাৰ সময়ত চিএনএন-নিউজ১৮ ৰাইজিং ভাৰত ছামিট ২০২৫ত ভাষণ দি ভায়নিক্স বায়’ছায়েন্সেছৰ চিইঅ, উদ্যোগী আৰু লেখক বিবেক ৱাধৱাই সদৰী কৰে, “ভাৰতৰ ডিজিটেল আন্তঃগাঁথনি ছিলিকন ভেলীৰ তুলনাত বহু আগবাঢ়ি আছে।”
কেলিফৰ্ণিয়াৰ টেক কেপিটেলৰ মাজমজিয়াত বাস কৰা ৱাধৱাই লগতে উল্লেখ কৰে যে, "তেওঁ নিৰ্ভৰযোগ্য ইণ্টাৰনেট আৰু সুলভ মূল্যৰ মোবাইল সেৱা লাভৰ বাবে সংগ্ৰাম কৰি আছে — যি সমস্যা আজিৰ ভাৰতত কল্পনাতীত।" ডিজিটেল পেমেণ্ট, মোবাইল ডাটা, আৰু সংযোগৰ ক্ষেত্ৰত ভাৰতে দ্ৰুতভাৱে আকোৱালি লোৱাৰ সন্দৰ্ভত আলোকপাত কৰি তেওঁ কয়, “বেলমণ্টৰ মোৰ ঘৰত ফাইবাৰ অপটিকও পাব নোৱাৰো। ইফালে ভাৰতত ভিক্ষাৰীসকলৰো পেমেণ্টৰ বাবে কিউআৰ ক’ড থাকে।”
ৱাধৱাই ভাৰতীয়সকলক প্ৰযুক্তিৰ ক্ষেত্ৰত নিজৰ হীনমন্যতা অতিক্ৰম কৰিবলৈ আহ্বান জনায়। ভাৰতৰ সুলভ আৰু সৰ্বব্যাপী ডিজিটেল প্ৰৱেশ বহু উন্নত ৰাষ্ট্ৰৰ ঈৰ্ষাৰ বিষয় বুলিও তেওঁ লগতে উল্লেখ কৰে। "ইয়াৰ মানুহে জিঅ’ৰ গতি লেহেমীয়া হোৱাৰ অভিযোগ কৰে, কিন্তু মোৰ বাবে আমেৰিকাৰ তুলনাত ই বিজুলীৰ দৰে দ্ৰুত" বুলিও সদৰী কৰে বিবেক ৱাধৱাই।