/asomiyapratidin/media/media_files/2025/04/02/i2BVoVSg06AClosC0YQB.jpg)
ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ২৩,৬২২ কোটি টকা
ডিজিটেল ডেস্ক : ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিয়ে ২৩,৬২২ কোটি টকা (প্ৰায় ২.৭৬ বিলিয়ন ডলাৰ)ৰ অভিলেখ সৃষ্টি কৰিছে। পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ১২.০৪ শতাংশ বৃদ্ধি পাইছে দেশৰ প্ৰতিৰক্ষা ৰপ্তানি। ‘এক্স’ৰ জৰিয়তে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে প্ৰকাশ কৰিছে এই তথ্য।
ৰাজনাথ সিঙে লগতে সদৰী কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০২৯ চনৰ ভিতৰত প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত ৫০ হাজাৰ কোটি টকাৰ লক্ষ্যত উপনীত হ’বলৈ সাজু হৈছে ভাৰত। উল্লেখযোগ্য যে, ২০২৩-২৪ চনত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি আছিল ২১,০৮৩ কোটি টকা। এই "উল্লেখযোগ্য কৃতিত্ব"ৰ বাবে সকলো অংশীদাৰক অভিনন্দন জনায় মন্ত্ৰীগৰাকীয়ে।
ডিপিএছইউৰ ৰপ্তানিৰ উত্থানে বিশ্ব বজাৰত ভাৰতীয় সামগ্ৰীৰ ক্ৰমবৰ্ধমান গ্ৰহণযোগ্যতা আৰু দেশৰ প্ৰতিৰক্ষা উদ্যোগক বিশ্বৰ যোগান শৃংখলৰ অংশ হ’ব পৰা ক্ষমতাক প্ৰতিফলিত কৰিছে বুলিও উল্লেখ কৰে ৰাজনাথ সিঙে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৰিডআউটত প্ৰকাশ কৰা তথ্য় অনুসৰি, ২০২৪-২৫ বৰ্ষৰ প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ড আৰু ডিপিএছইউসমূহে ক্ৰমে ১৫,২৩৩ কোটি আৰু ৮,৩৮৯ কোটি টকাৰ বৰঙণি আগবঢ়াইছে। ভাৰত বহুলাংশে আমদানি নিৰ্ভৰশীল সামৰিক শক্তিৰ পৰা আত্মনিৰ্ভৰশীলতা আৰু থলুৱা উৎপাদনত ক্ৰমান্বয়ে মনোনিৱেশ কৰা সামৰিক শক্তিলৈ বিকশিত হৈছে। প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰত এক বৃহৎ সহায়ক হিচাপে সদ্য সমাপ্ত বিত্তীয় বৰ্ষত প্ৰায় ৮০খন দেশলৈ গোলাবাৰুদ, অস্ত্ৰ, পাৰ্টছ এণ্ড কম্পোনেণ্টৰ পৰা আৰম্ভ কৰি বিস্তৃত সামগ্ৰী ৰপ্তানি কৰা হৈছে।