ডিজিটেল ডেস্ক : শুকুৰবাৰে দেশৰ বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতৰ মূল খণ্ডৰ উদ্যোগসমূহে লাভ কৰিছে আশাপ্ৰদ সঁহাৰি। যাৰ বাবে এই উদ্যোগসমূহৰ বৃদ্ধিৰ হাৰ অক্টোবৰত ৩.১% লৈ উন্নীত হৈছে। দেশৰ ৮টা মূল উদ্যোগে চলিত বৰ্ষৰ অক্টোবৰত আশাপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে বুলি বাণিজ্য মন্ত্ৰালয়ৰ প্ৰতিবেদনত উল্লেখ কৰে।
উল্লেখযোগ্য যে ছেপ্টেম্বৰতো এই হাৰ ২.৪% বৃদ্ধি হৈছিল। এনেদৰে বৃদ্ধিৰ হাৰৰ উৰ্ধমুখী যাত্ৰা দেশৰ আন্তঃগাঁথনি উৎপাদনৰ বাবে ইতিবাচক দিশ বুলি মন্ত্ৰালয়ে আশা প্ৰকাশ কৰে। দেশৰ ৮টা মূল উদ্যোগ হৈছে— কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, শোধনাগাৰৰ সামগ্ৰী, সাৰ, তীখা, চিমেণ্ট আৰু বিদ্যুৎ।
চলিত বৰ্ষৰ আগষ্টত ০.১% লৈ হ্ৰাস পোৱাৰ পাছৰে পৰা ছেপ্তেম্বৰ আৰু অক্টোবৰত ইয়াৰ হাৰ বৃদ্ধিয়ে আশাৰ ৰেঙণি বোৱাই অনা বুলি উল্লেখ কৰে মন্ত্ৰালয়ে। লগতে ঘৰুৱা বজাৰত প্ৰবল চাহিদাৰ বাবে অক্টোবৰত কয়লা, শোধনাগাৰৰ সামগ্ৰী আৰু তীখাই এই উত্থানত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা বুলি উল্লেখ কৰে।
অৱশ্যে উৎপাদনৰ প্ৰত্যাহ্বানৰ বাবে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছে আশা কৰা ধৰণে সাফল্য লাভ কৰিব পৰা নাই, যদিও দেশৰ মূল খণ্ডত সামগ্ৰিকভাৱে ইয়াৰ প্ৰদৰ্শন সন্তোষজনক বুলি ব্যক্ত কৰে। একেদৰে চিমেণ্ট, বিদ্যুৎ আৰু সাৰৰ ক্ষেত্ৰতো একেই অৱস্থা। এই তিনিওটা মূল খণ্ডই লাভ দেখুৱাইছে যদিও সেয়া আশা কৰা ধৰণে হোৱা নাই বুলি মন্ত্ৰালয়ে প্ৰতিবেদনত উল্লেখ কৰে।