/asomiyapratidin/media/media_files/2025/03/27/virKjNb2YE5W7wQr9xX6.png)
ডিজিটেল ডেস্ক : ভাৰতত হ্ৰাস পাইছে শিশুৰ মৃত্যুৰ হাৰ। কেৱল ইমানেই নহয়, ‘আয়ুষ্মান ভাৰত’ আঁচনিৰ দ্বাৰা দেশৰ বহু সংখ্যক পৰিয়াল উপকৃত হোৱাৰ সুবাদতে হ্ৰাস পাইছে শিশুৰ মৃত্যুৰ হাৰ। অতি শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই।
ভাৰতৰ এই সাফল্যৰ বাবে ৰাষ্ট্ৰসংঘই ভাৰতক আদৰ্শ ৰাষ্ট্ৰৰ আখ্যা দিছে। একেদৰে ভাৰতৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে ৰাষ্ট্ৰসংঘই। এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘই মঙলবাৰে এক তথ্য সম্বলিত প্ৰতিবেদন প্ৰকাশ কৰে।
প্ৰতিবেদনত শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত পাঁচখন “আদৰ্শ দেশ”ৰ উদাহৰণ উল্লেখ কৰা হৈছে। সেই কেইখন হৈছে - ভাৰত, নেপাল, চেনেগাল, ঘানা আৰু বুৰুণ্ডি।
প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, উল্লেখিত দেশসমূহে প্ৰমাণ কৰিছে যে, ৰাজনৈতিক ইচ্ছাশক্তি, প্ৰমাণভিত্তিক কৌশল আৰু স্থায়ী বিনিয়োগৰ সহায়ত মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস কৰিব পাৰে। উল্লেখযোগ্য যে ভাৰতৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘই কয় যে, স্বাস্থ্য ব্যৱস্থাৰ বিনিয়োগৰ জৰিয়তে ভাৰত লাভৱান হৈছে।
একেদৰে প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, ২০০০ চনৰ পৰা ভাৰতে পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ ৭০ শতাংশ হ্ৰাস আৰু নৱজাতকৰ মৃত্যুৰ হাৰ ৬১ শতাংশ হ্ৰাস কৰিব পাৰিছে। যিটো অনাগত সময়ৰ বাবে এক শুভ লক্ষণ।