/asomiyapratidin/media/media_files/2024/11/24/wuJsBHVmhAQz0wMtgQLa.jpg)
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিভিন্ন সময়ত দাবী কৰা অনুসৰি, কিছু বছৰৰ ভিতৰতে ভাৰত তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ দিশে গতি কৰিছে। চলিত বৰ্ষৰ নৱেম্বৰ মাহত ভাৰতীয় অৰ্থনীতি উৰ্ধগামী হোৱা পৰিলক্ষিত হৈছে।
যদিও খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ১৪ মাহৰ সৰ্বোচ্চ ৬.২১ শতাংশত উপনীত হৈছে। কিন্তু এইচ এছ বি চিৰ সমীক্ষা অনুসৰি নৱেম্বৰ মাহত ভাৰতৰ ব্যৱসায়িক কাৰ্যকলাপ তিনিমাহত সৰ্বোচ্চ স্তৰত উপনীত হৈছে। ইয়াৰ কাৰণ হৈছে সেৱা খণ্ড আৰু কৰ্মসংস্থাপন বৃদ্ধি।
দেশত নিবনুৱাৰ হাৰ কমি অহা লগতে সেৱা খণ্ড উৰ্ধগামী হোৱা ফলত ব্যৱসায়িক কাৰ্যকলাপ ৫৯.৫ লৈ বৃদ্ধি হৈছে। সেয়ে ভাৰতক বিশ্বৰ দ্ৰুততম উন্নয়নশীল অৰ্থনীতি বুলি কোৱা হয়।এইচ এছ বি চি আৰু এছ এণ্ড পি গ্ল’বেলৰ শেহতীয়া প্ৰতিবেদন অনুসৰি এই প্ৰদৰ্শন দেশৰ অৰ্থনৈতিক স্থিতিশীলতা আৰু বৰ্ধিত চাহিদাৰ স্পষ্ট ইংগিত।
তথ্য অনুসৰি, ফ্লেছ ইণ্ডিয়া কম্পোজিট পাৰ্চেজিং মেনেজাৰছ ইনডেক্স (পিএমআই) অক্টোবৰ মাহত ৫৯.১ৰ পৰা নৱেম্বৰ মাহত ৫৯.৫লৈ বৃদ্ধি পাইছে। সেৱা খণ্ডৰ প্ৰদৰ্শন সৰ্বোত্তম হোৱা ফলত পিএমআই ৫৮.৫ৰ পৰা ৫৯.২লৈ বৃদ্ধি পাইছে। আগষ্টৰ পিছত এইটোৱেই সৰ্বোচ্চ স্তৰ।
প্ৰতিবেদন অনুসৰি নৱেম্বৰ মাহত নিযুক্তিৰ হাৰ বৃদ্ধি পাইছে। আনহাতে উৎপাদন খণ্ডৰ পিএমআই ৫৭.৫ৰ পৰা ৫৭.৩লৈ ​​সামান্য হ্ৰাস পাইছে যদিও এই সংখ্যাই কোনো প্ৰভাৱ নেপেলায়। উৎপাদন খণ্ডৰ ৰপ্তানিয়ে ভাৰতীয় অৰ্থনীতিত ইতিবাচক ভূমিকা গ্ৰহণ কৰিছে।
এইচ এছ বি চিৰ মুখ্য অৰ্থনীতিবিদ প্ৰাঞ্জুল ভাণ্ডাৰীয়ে কয় যে, অক্টোবৰৰ শেষৰ ফালে পিএমআই ৰিডিং সামান্য হ্ৰাস পালেও উৎপাদন খণ্ডই আশা কৰাতকৈ ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us