/asomiyapratidin/media/media_files/2025/03/22/5X07U4SnMyA4ark0oIHn.jpg)
ভাৰতৰ জৈৱ-অৰ্থনীতিৰ উত্থান
ডিজিটেল ডেস্ক: বিগত দশকত ভাৰতীয় জৈৱ-অৰ্থনীতিত ১৬গুণ উত্থান ঘটিছে। ২০১৪ চনত ১০ বিলিয়ন ডলাৰৰ পৰা ২০২৪ চনত ১৬৫.৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে কয় সদৰী কৰে যে, “মাত্ৰ এটা দশকৰ ভিতৰতে ভাৰতৰ জৈৱ অৰ্থনীতি সামান্য ১০ বিলিয়ন ডলাৰৰ পৰা ১৬৫.৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে, যিয়ে ২০২৫ চনৰ ভিতৰত আমাৰ প্ৰাৰম্ভিক লক্ষ্য ১৫০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে।” বিগত চাৰি বছৰত ১৭.৯% চক্রবৃদ্ধি বার্ষিক বৃদ্ধিৰ হাৰ (CAGR)লৈ ভাৰতে বিশ্বব্যাপী জৈৱ প্রযুক্তিবিদ্যাৰ শক্তিশালী স্থান হিচাপে আত্মপ্ৰকাশ কৰিছে।
বায়’টেক ষ্টাৰ্টআপক লালন-পালন কৰাৰ লক্ষ্যৰে গ্লোবেল মেণ্টৰশ্বিপৰ অগ্ৰণী পদক্ষেপ বায়’ছাৰ্থী উন্মোচন কৰে মন্ত্ৰীগৰাকীয়ে। ছমাহৰ গোট হিচাপে ডিজাইন কৰা বায়’ছাৰ্থীয়ে বায়’টেক খণ্ডৰ উদীয়মান উদ্যোগীসকলক ব্যক্তিগতকৃত নিৰ্দেশনা প্ৰদান কৰি গাঁথনিগত মেণ্টৰ-মেণ্টী এংগেজমেণ্টৰ সুবিধা প্ৰদান কৰিব।
ভাৰত উত্থানত জৈৱ অৰ্থনীতিয়ে ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগে লগে চৰকাৰে অনাগত বছৰবোৰত বিশ্বব্যাপী জৈৱ প্ৰযুক্তিৰ নেতৃত্ব লোৱাৰ দিশে আগুৱাইছে। এই ক্ষেত্ৰখনত ভাৰতৰ স্থিতি সুদৃঢ় কৰিবলৈ উদ্ভাৱন, গৱেষণা, আৰু নীতিগত সমৰ্থনৰ প্ৰয়োজন।
মন্ত্ৰীগৰাকীয়ে লগতে আলোকপাত কৰে যে বিগত দশকত ভাৰতৰ গৱেষণা আৰু উন্নয়নৰ মুঠ ব্যয় (জিইআৰডি) দুগুণতকৈও অধিক বৃদ্ধি পাইছে। ২০১৩-১৪ চনত ৬০,১৯৬ কোটি টকাৰ পৰা ২০২৪ চনত ১,২৭,৩৮১ কোটি টকালৈ বৃদ্ধি পাইছে।
'বিৰাক'ৰ ১৩ বছৰীয়া জয়ন্তী উদযাপন কৰাৰ সময়তে মন্ত্ৰীগৰাকীয়ে উদ্যোগৰ নেতা, গৱেষক আৰু নীতি নিৰ্ধাৰকসকলক উদীয়মান সুযোগসমূহ ব্যৱহাৰ কৰিবলৈ আৰু আগন্তুক বছৰসমূহত জৈৱ প্ৰযুক্তিক ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি আৰু বিশ্ব প্ৰভাৱৰ চালিকা শক্তি হিচাপে স্থান দিবলৈ আহ্বান জনায়।