চলিত বৰ্ষৰ প্ৰথম তিনিমাহত ভাৰতৰ অটোমোবাইল ৰপ্তানিৰ হাৰ ২২শতাংশ বৃদ্ধি

ভাৰতৰ অটোমোবাইল খণ্ডৰ বাবে সুখবৰ। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহ অৰ্থাৎ এপ্ৰিল, মে’ আৰু জুনত লাভৰ মুখ দেখিছে অটোমোবাইল খণ্ডই।

author-image
Asomiya Pratidin
New Update
automonble

ডিজিটেল ডেস্ক : ভাৰতৰ অটোমোবাইল খণ্ডৰ বাবে সুখবৰ। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহ অৰ্থাৎ এপ্ৰিল, মে’ আৰু জুনত লাভৰ মুখ দেখিছে অটোমোবাইল খণ্ডই।

Advertisment

এই তিনিওটা মাহত ভাৰতৰ পৰা বিভিন্ন দেশলৈ বাহন ৰপ্তানিৰ হাৰ ২২ শতাংশলৈ বৃদ্ধি পাইছে। এই তথ্য ৰাজহুৱা কৰিছে ছ’চাইটি অৱ ইণ্ডিয়ান অটোম’বাইল মেনুফেকচাৰ্ছ চমুকৈ ছিয়ামে। 

বিশ্বৰ বজাৰত বিশেষকৈ দুচকীয়া বাহনৰ উপৰি বাণিজ্যিক বাহন আৰু তিনিচকীয়া বাহনে উল্লেখনীয় প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। এই তিনি মাহত ভাৰতে মুঠ ১৪,৫৭,৪৬১ খন বাহন ৰপ্তানি কৰিছে।

উল্লেখ্য যে, পূৰ্বৰ বছৰসমূহত ইয়াৰ পৰিমাণ আছিল ১১,৯২,৫৬৬ খন। আন্তঃৰাষ্ট্ৰীয় বজাৰতে বিশেষভাৱে চাহিদা লাভ কৰা দেশকেইখন হৈছে মধ্যপ্ৰাচ্য আৰু লেটিন আমেৰিকা। তাৰোপৰি শ্ৰীলংকা আৰু নেপালৰ দৰে চুবুৰীয়া দেশসমূহতো ভাৰতৰ পৰা ৰপ্তানি কৰা বাহনে চাহিদা লাভ কৰিবলৈ সক্ষম হৈছে।

ৰপ্তানি