ভাৰতৰ কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য ৰপ্তানি ২৬ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত ৭ শতাংশ বৃদ্ধি

দেশৰ কৃষিখণ্ডৰ বাবে সুখবৰ। ২০২৫-২৬ চনৰ প্ৰথম ত্ৰৈমাসিকত (এপ্ৰিল–জুন) ভাৰতৰ কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰীৰ ৰপ্তানি ৭ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। সেই বৃদ্ধিৰ পৰামাণ ৫.৯৬ বিলিয়ন ডলাৰ হৈছেগৈ। 

author-image
Asomiya Pratidin
New Update
AP FOR WEB RIice

ডিজিটেল ডেস্ক : দেশৰ কৃষিখণ্ডৰ বাবে সুখবৰ। ২০২৫-২৬ চনৰ প্ৰথম ত্ৰৈমাসিকত (এপ্ৰিল–জুন) ভাৰতৰ কৃষি আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰীৰ ৰপ্তানি ৭ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। সেই বৃদ্ধিৰ পৰামাণ ৫.৯৬ বিলিয়ন ডলাৰ হৈছেগৈ। 

Advertisment

ইয়াৰ মূল কাৰণ হৈছে- চাউল, মাংস, আৰু ফল-মূল আৰু শাক-পাচলিৰ ৰপ্তানি বৃদ্ধি। উল্লেখযোগ্য যে, এই সময়ছোৱাত বাছমতী আৰু নন-বাছমতী উভয় জাতকে ধৰি চাউলৰ ৰপ্তানি ৩.৫ শতাংশ বৃদ্ধি পাইছে। চাউলৰ বৃদ্ধিৰ পৰিমাণ উক্ত সময়ছোৱাত ২.৯ বিলিয়ন ডলাৰ হৈছে।

২৫ বিত্তীয় বৰ্ষত ধানৰ ৰপ্তানিয়েও অভিলেখ সৃষ্টি কৰিছিল। ইয়াৰ ব্যৱসায়িক পৰিসৰ এই বছৰত ১২.৪৭ বিলিয়ন ডলাৰ হয়, যিটো ২০২৩-২৪ চনৰ তুলনাত ২০ শতাংশৰো অধিক।

বিশ্বৰ ধানৰ বজাৰত ৪০ শতাংশতকৈ অধিক অংশীদাৰিত্ব আছে ভাৰতৰ। এটা দশকৰো অধিক সময় ধৰি চাউলৰ শীৰ্ষ ৰপ্তানিকাৰী দেশ হিচাপে ভাৰতে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে।

মাংস, দুগ্ধ আৰু হাঁহ-কুকুৰাৰ ৰপ্তানি ১৭ শতাংশতকৈ অধিক বৃদ্ধি পাই ১.১৮ বিলিয়ন ডলাৰ হৈছেগৈ। আনহাতে ফল-মূল আৰু শাক-পাচলিৰ ৰপ্তানি ১৩ শতাংশ বৃদ্ধি পাই ০.৯৫ বিলিয়ন ডলাৰ হয়।

ফাইনেন্সিয়েল এক্সপ্ৰেছৰ বাতৰি অনুসৰি ভাৰতীয় ম’হৰ মাংসৰ গুণগত মান আৰু পুষ্টিকৰ মূল্যৰ বাবে বিশ্বজুৰি চাহিদা বৃদ্ধি পাইছে। ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’হৰ মাংস ৰপ্তানিকাৰক দেশ।

কৃষি বিভাগ কৃষি বিজ্ঞান