/asomiyapratidin/media/media_files/2025/06/25/raildd-2025-06-25-10-26-14.jpg)
ডিজিটেল ডেস্কঃ ১জুলাইৰ পৰা বৃদ্ধি পাব ৰেলৰ ভাড়া। ভাৰতীয় ৰেলৱেৰ কৰ্তৃপক্ষই এই কথা ৰাজহুৱা কৰিছে। অহা ১জুলাই, ২০২৫ৰ পৰা ৰেলৰ ভাড়া নন এচি ডবাত প্ৰতি কিলোমিটাৰত ১পইচা আৰু এ চি ডবাত প্ৰতিকিলোমিটাৰত ২পইচাকৈ বৃদ্ধি পাব।
আনহাতে দ্বিতীয় শ্ৰেণীৰ ডবাত ৫০০ কিলোমিটাৰ পৰ্যন্ত কোনো ভাড়া বৃদ্ধি নহয় যদিও তাতোকৈ বেছি হলে প্ৰতিকিলোমিটাৰ .৫০পইচাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেলৱেই।
উল্লেখ্য যে, ভাৰতীয় ৰেলৱেই শেষবাৰৰ বাবে ২০২০চনত ভাড়া বৃদ্ধি কৰিছিল। সেই সময়ত এচি ডবাত প্ৰতি কিলোমিটাৰত ৪পইচা আৰু নন এচি ডবাত ২পইচাকৈ বৃদ্ধি কৰা হৈছিল।