বিয়া পাতিবলৈ গৈ আমেৰিকাত সন্ধানহীন ভাৰতীয় যুৱতী

আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ ৰহস্যজনকভাৱে সন্ধানহীন হৈছে এগৰাকী ভাৰতীয় যুৱতী। যোৱা ২০ জুনত বিয়া পাতিবৰ বাবে দেশখনত উপস্থিত হোৱা ২৪ বছৰীয়া ছিমৰণ ছিমৰণ নামৰ যুৱতীগৰাকী তাৰ কেইদিনমান পিচৰে পৰা সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে

author-image
Asomiya Pratidin
New Update
dgfj

ডিজিটেল ডেস্ক : আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ ৰহস্যজনকভাৱে সন্ধানহীন হৈছে এগৰাকী ভাৰতীয় যুৱতী। যোৱা ২০ জুনত বিয়া পাতিবৰ বাবে দেশখনত উপস্থিত হোৱা ২৪ বছৰীয়া ছিমৰণ ছিমৰণ নামৰ যুৱতীগৰাকী তাৰ কেইদিনমান পিচৰে পৰা সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। 

 ইতিমধ্যে যুৱতীগৰাকীৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। অন্তিম সময়ৰ ভিডিঅ’ ফুটেজত যুৱতীগৰাকীক স্বাভাৱিক অৱস্থাতে দেখা গৈছিল বুলি তদন্তত ধৰা পৰিছে। 

উল্লেখযোগ্য যে, ইংৰাজী ভাষা ভালদৰে ক’ব নোৱাৰা যুৱতীগৰাকীৰ কোনো আত্মীয় আমেৰিকাত নথকাৰ বিষয়টোৱে ৰহস্যজনক কৰি তুলিছে।

america