/asomiyapratidin/media/media_files/2025/04/27/AstaRYtpcFW4NwZLgkvc.jpg)
ডিজিটেল ডেস্কঃ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ কিছুদিন পিছতে পাকিস্তানৰ সৈতে যিকোনো ধৰণৰ বাণিজ্য সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সৰ্বভাৰতীয় ব্যৱসায়ী কনফেডাৰেচনে।
ভুৱনেশ্বৰত অনুষ্ঠিত হোৱা দুদিনীয়া ৰাষ্ট্ৰীয় শাসক পৰিষদৰ বৈঠকত উদ্যোগ সংস্থাটোৱে এই প্ৰতিশ্ৰুতি গ্ৰহণ কৰে, য’ত দেশৰ ২৬খন ৰাজ্যৰ ২০০ৰো অধিক বিশিষ্ট বাণিজ্যিক নেতাই অংশগ্ৰহণ কৰে।
চিএআইটিৰ সাধাৰণ সম্পাদক তথা চান্দনী চ’কৰ পৰা সংসদ সদস্য প্ৰবীণ খাণ্ডেলৱালে অৱগত কৰে যে, পেহেলগামৰ সন্ত্ৰাসবাদী কাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দি পাকিস্তানৰ সৈতে থকা সকলো বাণিজ্যিক সম্পৰ্ক সম্পূৰ্ণৰূপে বৰ্জনৰ আহ্বান জনাই বৈঠকত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত কৰা হৈছে।
CAIT ৰ এক বিবৃতি অনুসৰি প্ৰস্তাৱটোত কোৱা হৈছে যে, পেহেলগামত নিৰীহ পৰ্যটকক নিৰ্মমভাৱে হত্যা কৰাৰ প্ৰতিবাদত ব্যৱসায়ী সমাজে পাকিস্তানৰ সৈতে সকলো ধৰণৰ আমদানি আৰু ৰপ্তানি তৎক্ষণাত বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।
‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ প্ৰতি ব্যৱসায়ীসকলে সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰি অপৰাধী আৰু তেওঁলোকৰ সমৰ্থকসকলক সম্ভৱপৰ কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায়।’
উল্লেখ্য যে, ২০১৯ চনত পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত বাণিজ্যিক সম্পৰ্ক ভয়াৱহভাৱে অৱনতি ঘটে, যাৰ ফলত দ্বিপাক্ষিক বাণিজ্য যথেষ্ট হ্ৰাস পায়। CAITৰ তথ্য অনুসৰি ২০১৮ চনত প্ৰায় ৩ বিলিয়ন মাৰ্কিন ডলাৰৰ শিখৰত উপনীত হোৱা বাণিজ্যৰ পৰিমাণ ২০২৪ চনৰ ভিতৰত প্ৰায় ১.২ বিলিয়ন মাৰ্কিন ডলাৰলৈ হ্ৰাস পাইছে।
২০২৪ চনৰ এপ্ৰিলৰ পৰা ২০২৫ চনৰ জানুৱাৰী মাহৰ ভিতৰত ভাৰতে পাকিস্তানলৈ প্ৰায় ৫০ কোটি মাৰ্কিন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰিছিল, মূলতঃ ঔষধ, ৰাসায়নিক পদাৰ্থ, চেনি, আৰু অটো পাৰ্টছ, আনহাতে আমদানিৰ পৰিমাণ আছিল মুঠ ০.৪২ মিলিয়ন মাৰ্কিন ডলাৰ।