/asomiyapratidin/media/media_files/2025/02/25/o6z2c3ulzZzQMQ7Ea13F.jpg)
ডিজিটেল ডেস্কঃ অন্যান্য ভিন্ন দিশৰ লগতে ভাৰত প্ৰযুক্তিগত দিশটোত বিশেষভাৱে আগবাঢ়ি হৈছে। তথ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনত বিদেশ বিনিয়োগৰ পৰিমাণো যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। যোৱা ২৪ ফেব্ৰুৱাৰী, ২০২৫ত প্ৰকাশ পোৱা নেশ্যনেল এছ’চিয়েশ্যন অৱ চফটৱেৰ এণ্ড চাৰ্ভিচ কোম্পানী (নাছকম)ৰ বাৰ্ষিক কৌশলগত পৰ্যালোচনা প্ৰতিবেদন অনুসৰি, টেক উদ্যোগটোৱে ২০২৪-২৫ বিত্তীয় বৰ্ষত ১.২৫ লাখ নতুন চাকৰিলৈ হেডকাউণ্ট সংযোজন দুগুণ বৃদ্ধি কৰিব, যিটো যোৱা বিত্তীয় বৰ্ষত ৬০ হাজাৰ নতুন চাকৰি আছিল।
এই সংযোজনৰ লগে লগে এতিয়া এই খণ্ডত প্ৰায় ৫৮ লাখ কৰ্মচাৰী নিয়োজিত হৈছে। আমেৰিকা আৰু ইউৰোপৰ মূল বজাৰসমূহত সামষ্টিক অৰ্থনৈতিক মন্দাৱস্থাৰ ফলত উদ্ভৱ হোৱা হেঁচাত ওলাই আহি ১.৫ বছৰৰ পাছত আই টি উদ্যোগে চাহিদাৰ পৰিৱৰ্তন দেখিছে।
অৱশ্যে নাছকমে ২০২৪ বিত্তীয় বৰ্ষত প্ৰায় ২.৫০ লাখ কৰ্মচাৰী নিযুক্তিৰ পূৰ্বৰ প্ৰক্ষেপণ সংশোধন কৰিছে। ২০২৪ বিত্তীয় বৰ্ষত টেক খণ্ডত ৫৪.৩০ লাখ লোকে নিয়োগ কৰিব বুলি প্ৰকল্প কৰিছিল যদিও এতিয়া নতুন সংখ্যা অনুসৰি সংশোধন কৰি ৫৬.৭৪ লাখ লোকক নিয়োগ কৰিছে।
২০২৬ বিত্তীয় বৰ্ষৰ শেষত ভাৰতৰ প্ৰযুক্তি উদ্যোগৰ ৰাজহ ৩০০ বিলিয়ন ডলাৰ হ’ব বুলি আশা কৰা হৈছে। ২৫ বিত্তীয় বৰ্ষৰ বাবে নাছকমে ভাৰতৰ টেক উদ্যোগৰ বাবে ৫.১ শতাংশ বৃদ্ধিৰ অনুমান কৰিছে, যাৰ ফলত উদ্যোগৰ মুঠ ৰাজহ ২৮২.৬ বিলিয়ন ডলাৰৰ ওপৰত হ’ব।