যুদ্ধৰ বাবে ইউক্ৰেইন এৰি অহা ভাৰতীয় ছাত্ৰ-ছাত্ৰী সকলে ৰাছিয়াৰ পৰা অধ্যয়ন সম্পূৰ্ণ কৰাৰ অফাৰ,

ভাৰতীয় ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ৰাছিয়াই আগবঢ়াইছে এক বিশেষ অফাৰ। এই অনুসৰি ভাৰতীয় ছাত্ৰ-ছাত্ৰী সকলে অধ্যয়ন কৰিব পাৰবি ৰাছিয়াত।

author-image
Asomiya Pratidin
New Update
যুদ্ধৰ বাবে ইউক্ৰেইন এৰি অহা ভাৰতীয় ছাত্ৰ-ছাত্ৰী সকলে ৰাছিয়াৰ পৰা অধ্যয়ন সম্পূৰ্ণ কৰাৰ অফাৰ,

ডিজিটেল ডেস্ক: ভাৰতীয় ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ৰাছিয়াই আগবঢ়াইছে এক বিশেষ অফাৰ। এই অনুসৰি ভাৰতীয় ছাত্ৰ-ছাত্ৰী সকলে অধ্যয়ন কৰিব পাৰবি ৰাছিয়াত। ফেব্ৰুৱাৰীত ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পিছত ভাৰতীয় ছাত্ৰ-ছাত্ৰী সকলে পঢ়া আধাতে এৰি ভাৰতলৈ আহিছিল।

Advertisment

তাৰ পাছত প্ৰথমবাৰৰ বাবে ৰাছিয়াই বৃহস্পতিবাৰে কয় যে ইউক্ৰেইন এৰি যোৱা ভাৰতীয় শিক্ষাৰ্থীসকলে ৰাছিয়াত শিক্ষা অব্যাহত ৰাখিব পাৰে কিয়নো চিকিৎসাৰ পাঠ্যক্ৰম দুয়োখন দেশতে একে।

ৰাছিয়াৰ কনচুল জেনেৰেল ওলেগ আভদিভে চেন্নাইত কয় যে "ইউক্ৰেইন এৰি যোৱা ভাৰতীয় শিক্ষাৰ্থীসকলে ৰাছিয়াত শিক্ষা অব্যাহত ৰাখিব পাৰে কিয়নো চিকিৎসা পাঠ্যক্ৰম দুয়োখন দেশত প্ৰায় একে । তেওঁলোক বেছিভাগ ৰাছিয়াৰ ভাষা জানে। তেওঁলোকক ৰাছিয়াত আদৰণি জনোৱা হৈছে" ।

students ukraine russia