Advertisment

ভাৰতৰ পৰিপক্ক মূলধনী বজাৰৰ বাবে দেশলৈ উভতি আহিছে ষ্টাৰ্টআপসমূহ...

এই প্ৰক্ৰিয়া পোনপটীয়া নহয়। ইয়াৰ বাবে কোম্পানীসমূহক একাধিক আইনী আৰু নিয়ন্ত্ৰণমূলক অনুমোদনৰ প্ৰয়োজন হয়। লগতে আদায় দিব লাগিব যথেষ্ট পৰিমানৰ কৰ । কিন্তু ভাৰতৰ পৰিপক্ক মূলধনী বজাৰে ষ্টাৰ্টআপসমূহ ঘূৰি অহাৰ বাবে এক অন্যতম কাৰণ প্ৰদান কৰিছে। 

author-image
Asomiya Pratidin
New Update
ভাৰতলৈ উভতি আহিছে একাংশ  ষ্টাৰ্টআপ

ভাৰতলৈ উভতি আহিছে একাংশ ষ্টাৰ্টআপ

ডিজিটেল ডেস্ক: বিদেশৰ পৰা পুনৰ ভাৰতলৈ উভতি আহিছে একাংশ ভাৰতীয় ষ্টাৰ্টআপ। বছৰ বছৰ ধৰি বিদেশত আইনী মুখ্য কাৰ্যালয় স্থাপন কৰাৰ পিছতো পুনৰ ভাৰতলৈ স্থানান্তৰ কৰিছে এই ষ্টাৰ্টআপসমূহে। এই তালিকাত আছে ৰেজৰপে, উডান, পাইন লেবছ, মীশ্ব’ৰ দৰে কোম্পানীৰ নাম। পূৰ্বৰ সিদ্ধান্ত অনুসৰি দেশলৈ উলটি আহিছে এই কোম্পানী কেইটা। আনহাতে জেপ্ট’ই ইতিমধ্যে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। “ৰিভাৰ্ছ ফ্লিপিং”ৰ জৰিয়তে আই পি অ’ৰ উন্নত সম্ভাৱনা, সহজ অনুসৰণ আৰু ভাৰতৰ শক্তিশালী অৰ্থনৈতিক বৃদ্ধি হৈছে।

Advertisment

অৱশ্যে এই প্ৰক্ৰিয়া পোনপটীয়া নহয়। ইয়াৰ বাবে কোম্পানীসমূহক একাধিক আইনী আৰু নিয়ন্ত্ৰণমূলক অনুমোদনৰ প্ৰয়োজন হয়। লগতে আদায় দিব লাগিব যথেষ্ট পৰিমানৰ কৰ । কিন্তু ভাৰতৰ পৰিপক্ক মূলধনী বজাৰে ষ্টাৰ্টআপসমূহ ঘূৰি অহাৰ বাবে এক অন্যতম কাৰণ প্ৰদান কৰিছে। 

এক্সেলৰ অংশীদাৰ আলোক বাথিজাই ট’আইক সদৰী কৰা অনুসৰি, ৫০-৬০ মিলিয়ন ডলাৰৰ ৰাজহ থকা এটা চফট্ ৱেৰ ফাৰ্মে এতিয়া ভাৰতত তালিকাভুক্ত কৰিব পাৰিব। পিছে আমেৰিকাত একেধৰণৰ তালিকাভুক্ত হ’বলৈ প্ৰায় ৫০ কোটি ডলাৰৰ ৰাজহৰ প্ৰয়োজন হ’ব। ভাৰতীয় বজাৰসমূহে অধিক সুলভ প্ৰদান কৰাৰ লগে লগে অধিক ষ্টাৰ্টআপে ভাৰতলৈ স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত লৈছে। ষ্টাৰ্টআপসমূহৰ এনে প্ৰত্যাবৰ্তনে নিশ্চিতভাৱে প্ৰভাৱ পেলাব দেশৰ অৰ্থনীতি বিকাশত।

 

economy কোম্পানী