Advertisment

অচিৰেই সপোন হ'ব সাকাৰ! কাশ্মীৰলৈ চলিব পোনপতীয়া ৰে'ল...

অচিৰেই কেন্দ্ৰীয় চৰকাৰৰ বহুদিনীয়া এটা সপোনে সাকাৰ ৰূপ লাভ কৰিব। কাশ্মীৰলৈ আৰম্ভ হ'ব পোনপতীয়া ৰেলসেৱা।  ইতিমধ্যে  জম্মু-কাশ্মীৰৰ উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা

author-image
Asomiya Pratidin
New Update
কাশ্মীৰলৈ পোনপতীয়া ৰেল

Photograph: (অসমীয়া প্ৰতিদিন)

ডিজিটেল ডেস্কঃ অচিৰেই কেন্দ্ৰীয় চৰকাৰৰ বহুদিনীয়া এটা সপোনে সাকাৰ ৰূপ লাভ কৰিব। কাশ্মীৰলৈ আৰম্ভ হ'ব পোনপতীয়া ৰেলসেৱা।  ইতিমধ্যে  জম্মু-কাশ্মীৰৰ উধমপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’লপথৰ কাটৰা-বনিহাল অংশৰ ১৭৯ ডিগ্ৰী গ্ৰেডিয়েণ্টত বুধবাৰে ভাৰতীয় ৰে’লৱেই সফলতাৰে ট্ৰাইল ৰাণ চলায়। এই পৰীক্ষাটো কাশ্মীৰলৈ পোনপতীয়া ৰেল সেৱাৰ বাবে এক মাইলৰ খুটিঁ হিচাপে বিবেচিত হৈছে। 

Advertisment
ঘণ্টাত ১১০ কিলোমিটাৰ বেগত চলিছিল এই পৰীক্ষামূলক ৰে’লখন। ৰেলৱেৰ উত্তৰ চক্ৰৰ ৰেলৱে সুৰক্ষা আয়ুক্ত দীনেশ চান্দ দেশৱালে এই সাফল্যক “ৰে’লৱেৰ ইতিহাসৰ এক নতুন অধ্যায়” বুলি অভিহিত কৰিছে।  বাণীহাল ষ্টেচনত ভাষণ দি তেওঁ অভিযন্তাসকলক অঞ্চলটোৰ অনন্য প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ বাবে প্ৰশংসা কৰে। “
কাটৰা ষ্টেচনৰ পৰা ৰে’লখন ৰাওনা হোৱাৰ লগে লগে পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হয়, ১.৫ ঘন্টাত বানিহাল পালেগৈ। কিছু সময়ৰ বাবে থমকি ৰোৱাৰ পাছত বিয়লি ৩:৩০ বজাত কাটৰালৈ উভতি আহিল।
কাশ্মীৰক ৰেলযোগে সংযোগ কৰাৰ সপোন দুটা দশকৰো অধিক সময় ধৰি চলি আহিছে। ১৯৯৭ চনত ইউএছবিআৰএল প্ৰকল্প আৰম্ভ হৈছিল যদিও অঞ্চলটোৰ প্ৰত্যাহ্বানমূলক ভূতত্ত্ব, ভূ-প্ৰকৃতি আৰু বতৰৰ পৰিস্থিতিৰ বাবে বহু পলমৰ সন্মুখীন হৈছিল। বিপৰ্যয়ৰ মাজতো এতিয়া এই প্ৰকল্পটোৱে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে, অহা মাহত ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিয়াচি-কাট্ৰা ষ্ট্ৰেচৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

 

কেন্দ্ৰীয় চৰকাৰ