/asomiyapratidin/media/media_files/2025/03/22/9h02CPxPrq9oLK4CajDn.jpg)
ভাৰতীয় ৰে'লৱেৰ নতুন অভিলেখ
ডিজিটেল ডেস্ক: ভাৰতীয় ৰে'লৱে সৃষ্টি কৰিছে এক নতুন অভিলেখ। আমেৰিকা আৰু ইউৰোপৰ উৎপাদন অতিক্ৰম কৰি প্ৰায় ১৪০০ ইঞ্জিন নিৰ্মাণ কৰি উলিয়াইছে ভাৰতীয় ৰে'লৱে। লোকসভাত এই কথা সদৰী কৰিছে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। লোকসভাত ভাষণ প্ৰসংগত ৰে’ল মন্ত্ৰীগৰাকীয়ে কয় "ইঞ্জিনৰ উৎপাদন বছৰি ১৪০০ হৈছেগৈ, যদি আমি আমেৰিকা আৰু ইউৰোপৰ উৎপাদন একত্ৰিত কৰোঁ তেন্তে ভাৰতৰ ইঞ্জিন উৎপাদনে এতিয়া তেওঁলোকক অতিক্ৰম কৰিছে।”
চিত্তৰঞ্জন ইঞ্জিন ৱৰ্কছ (চি এল ডব্লিউ), বাৰাণসীৰ বেনাৰস ইঞ্জিন ৱৰ্কছ (বি এল ডব্লিউ), পাটিয়ালাৰ পাটিয়ালা ইঞ্জিন ৱৰ্কছ (পি এল ডব্লিউ) আদিত ইঞ্জিনসমূহৰ উৎপাদন ইউনিটত আছে। ইঞ্জিনৰ সমান্তৰালভাৱে ৰে'লৱেৰ ডবা নিৰ্মাণৰ লগতে ৰে'লৱেৰ ৱেগন নিৰ্মাণ কৰিছে ভাৰতে। বিগত ১০ বছৰত ৰেলৱেই প্ৰায় ৪১০০০ টা লিংক-হফমেন-বুচ (LHB) ডবা নিৰ্মাণ কৰিছিল। মন্ত্ৰীগৰাকীয়ে সদৰী কৰে, "পূৰ্বতে বছৰি মাত্ৰ ৪০০-৫০০ এল এইচ বি ডবা নিৰ্মাণ কৰা হৈছিল, কিন্তু এতিয়া বছৰি ৫,০০০-৫,৫০০ ডবা উৎপাদন কৰা হয়।" আনহাতে ৰাষ্ট্ৰীয় পৰিবহণ সংস্থাটোৱে ২ লাখৰো অধিক ৱেগন বহৰত সংযোজন কৰিছে।
আনহাতে, "৫০ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰাথমিক ৰে'লৰ নবীকৰণ সম্পূৰ্ণ হৈছে। ২০১৩-১৪ চনত বছৰি প্ৰায় ৩৭০০ ৱেল্ডিঙৰ বিকলতা ৯০% হ্ৰাস পাই ২৫০তকৈও কম হৈছে। ২০১৩-১৪ চনত বছৰি ২৫০০ ৰেলৰ ভাঙন এতিয়া মাত্ৰ ২৪০ লৈ হ্ৰাস পাইছে।" বুলিও লোকসভাৰ মজিয়াত উল্লেখ কৰে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।