যাত্ৰীসকলে অনুগ্ৰহ কৰি মন কৰিব...

অনাগত সপ্তাহত ৰে'লযোগে যাত্ৰা কৰাৰ পৰিকল্পনা কৰা যাত্ৰীসকলক অসুবিধাৰ পৰা হাত সাৰিবলৈ বাতিল কৰা ৰে'লৰ আপডেট কৰা তালিকা প্ৰকাশ কৰিছে ৰে'লৱেয়ে।

author-image
Asomiya Pratidin
New Update
ghghh

ডিজিটেল ডেস্কঃ  চলিত বৰ্ষৰ মাৰ্চ মাহলৈকে কেইবাখনো ৰে'ল বাতিলৰ কথা ঘোষণা কৰিছে ভাৰতীয় ৰে'লৱেয়ে। ঘন কুঁৱলীৰ বাবে দৃশ্যমানতা কম হোৱা বাবে ৰে'ল চলাচলত অসুবিধাৰ সন্মুখীন হৈছে। সেয়ে ভাৰতীয় ৰে'লৱেয়ে এই ৰে'লসমূহ বাতিল কৰাৰ কথা ঘোষণা কৰিছে। 

অনাগত সপ্তাহত ৰে'লযোগে যাত্ৰা কৰাৰ পৰিকল্পনা কৰা যাত্ৰীসকলক অসুবিধাৰ পৰা হাত সাৰিবলৈ বাতিল কৰা ৰে'লৰ আপডেট কৰা তালিকা প্ৰকাশ কৰিছে ৰে'লৱেয়ে। তলত যাত্ৰা বাতিল হোৱা ৰে’ল কেইখনৰ নাম উল্লেখ কৰা হ’ল-

ৰে’ল নং ১৪৬১৭-১৮: বনমনখি-অমৃতসৰ জনসেৱা এক্সপ্ৰেছ (১৩ জানুৱাৰীৰ পৰা ২ মাৰ্চ, ২০২৫)।

ৰে’ল নং ১৪৬০৬-০৫: যোগানগৰী ঋষিকেশ-জম্মু তাৱী এক্সপ্ৰেছ (১৩ জানুৱাৰীৰ পৰা ২৪ ফেব্ৰুৱাৰী, ২০২৫)।

ৰে’ল নং ১৪৬১৬-১৫: অমৃতসৰ-লালকুৱান এক্সপ্ৰেছ (১৩ জানুৱাৰীৰ পৰা ২২ মাৰ্চ, ২০২৫)।

ৰে’ল নং ১৪৫২৪-২৩: আম্বালা-বৰাউনী হৰিহৰ এক্সপ্ৰেছ (১৩ জানুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰী, ২০২৫)।

ৰে’ল নং ১৮১০৩-০৪: জালিয়ানৱালাবাগ এক্সপ্ৰেছ (১৩ জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰী, ২০২৫)।

ৰে’ল নং ১২২১০-০৯: কাঠগোদাম-কানপুৰ সাপ্তাহিক এক্সপ্ৰেছ (১৩ জানুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰী, ২০২৫)।

ৰে’ল নং ১৪০০৩-০৪: মালদা টাউন-দিল্লী এক্সপ্ৰেছ (১৩ জানুৱাৰীৰ পৰা ১ মাৰ্চ, ২০২৫)।

যদি আপোনাৰ ৰে'ল ভ্ৰমণৰ পৰিকল্পনা আছে, তেন্তে আপুনি ৰে’লৱেয়ে প্ৰকাশ কৰা তালিকাখন পৰীক্ষা কৰি ল'ব অন্যথা বিপদত পৰিব।

ৰে'ল