/asomiyapratidin/media/media_files/2024/11/28/iHWQLBVMy2Ip1jLM6kcz.jpg)
ডিজিটেল ডেস্কঃ ২০২৪ ৰ ১ চেপ্তেম্বৰৰ পৰা ২০২৪ ৰ ৩১ অক্টোবৰলৈ ভাৰতীয় ৰেলে কেৱল যাত্ৰীক টিকট বিক্ৰী কৰিয়ে ১২,১৫৯.৩৫ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছে। এই সময়ছোৱাত গণেশ চতুৰ্থী, দুৰ্গা পূজা, দীপাৱলী আদি উৎসৱ দেশজুৰি উদযাপিত হোৱা বাবে ৰেলেৰে যাত্ৰা কৰা যাত্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে।
লোকসভাত এই তথ্য প্ৰকাশ কৰিলে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণবে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক লগতে সোধা হৈছিল ৰেলৰ টিকট বাতিল কৰাৰ ববাদ ৰেল বিভাগে কিমান ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় ৰেল মন্ত্ৰী গৰাকীয়ে জনাই- বাতিল হোৱা টিকটৰ ববাদ সংগ্ৰহ কৰা ৰাজহৰ হিচাপ পৃথকে ৰখোৱা নহয়।
১ চেপ্তেম্বৰৰ পৰা ১০ নৱেম্বৰ ২০২৪ লৈ ৰেলৰ সংমণ্ডল অনুসৰি ৰেলেৰে এই সময়ছোৱাত যাত্ৰা কৰা যাত্ৰীৰ সংখ্যাৰ তথ্যও তেওঁ সদনত সদৰি কৰে। ৰেল মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে, এই সময়ত সৰ্বাধিক মধ্য ৰেল সংমণ্ডলত ৩১.৬৩ কোটি যাত্ৰীয়ে ৰেলেৰে যাত্ৰা কৰিছে।
তাৰ পাছত পূব সংমণ্ডলত ২৪.৬৭ কোটি, দক্ষিণ সংমণ্ডলত ১৪.৫৫ কোটি আৰু মেট্ৰ'ত যাত্ৰা কৰা যাত্ৰীৰ সংখ্যা আছিল ৪.৪৪ কোটি। অত্যাধিক যাত্ৰীৰ বাবে এই উৎসৱৰ বতৰত ৰেল বিভাগে ৭৯৮৩ টা যাত্ৰা অতিৰিক্তভাৱে কৰিবলগীয়া হৈছে। দেৱালী আৰু চথ পূজাৰ কাৰণে ৰেল বিভাগে ৪৫০ খন বিশেষ ৰেল চলাব লগা হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us