/asomiyapratidin/media/media_files/2025/08/07/1-2025-08-07-18-40-23.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: প্ৰায় ১৪ দিন ধৰি অসমৰ প্ৰান্তে প্ৰান্তে বিকল হৈ আছে ভাৰতীয় ডাক সেৱা।ভাৰত চৰকাৰে সমগ্ৰ ভাৰতৰ ডাকসেৱাৰ ব্যৱস্থাত নতুন ছফটৱেৰ আপডেট কৰাৰ বাবে ৰূপায়ণ কৰিছে অত্যাধুনিক কাৰ্য্যব্যৱস্থা।
ইয়াৰ বাবে ইতিমধ্যে নতুন ছফটৱেৰ আই টি ২.০ আপডেট কৰিছে ভাৰতীয় ডাকসেৱাৰ ব্যৱস্থাত। কিন্তু এই ছফটৱেৰ আপডেট কৰাৰ পিছত যোৱা ২৪ জুলাইৰ পৰা অসমৰ প্ৰান্তে প্ৰান্তে বিকল হৈ আছে ডাকসেৱাৰ ব্যৱস্থা।
আই টি ২.০ ছফটৱেৰ আপডেট কৰাৰ পিছৰে পৰা সঘনাই ছাৰ্ভাৰ নথকাৰ সমস্যাই দেখা দিয়াৰ ফলত যোৱা ২৪ জুলাইৰ পৰা ডাকঘৰ সমূহত নিয়মিত ভাবে কোনো ধৰণৰ কাম কাজ হোৱা নাই বুলি জানিব পৰা গৈছে।ইয়াৰ ফলত সাধাৰণ ৰাইজে বাৰুকৈয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছে।
মেইল চাৰ্ভিছ,বেঙ্কিং চাৰ্ভিছ আৰু ইঞ্চুৰেঞ্চ চাৰ্ভিছকে ধৰি ভাৰতীয় ডাক সেৱাত উপলব্ধ প্ৰতিটো সেৱা লাভ কৰাৰ ক্ষেত্ৰত যোৱা ২৪ জুলাইৰ পৰা ভীষণ তিক্ততা পাইছে ভুক্তভোগী ৰাইজে।বিশেষকৈ জমা ধন উলিয়াবলৈ গৈ এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে গ্ৰাহক সকলে।
ডাকঘৰ সমূহৰ পোষ্ট মাষ্টৰৰ পৰা এই বিষয়ে জানিব বিচাৰিলে তেওঁলোকে চাৰ্ভাৰ নাই, লিংক নাই বুলি কোৱাৰ বাহিৰে সমাধানৰ কোনো উপায় দেখুওৱাব পৰা নাই ভুক্তভোগী ৰাইজক। নতুন ছফটৱেৰ আপডেট নকৰা আগলৈকে সুন্দৰ ভাবে চলি থকা ভাৰতীয় ডাক সেৱাৰ বৰ্তমানৰ বিকল অৱস্থা সূচল কৰি তোলাৰ ক্ষেত্ৰত ডাক বিভাগৰ উদ্ধৰ্তম বিষয়াই কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই।
উল্লেখযোগ্য যে-অসমৰ আন প্ৰান্তৰ দৰে বিশ্বনাথ জিলাত থকা ১৭ টা উপ ডাকঘৰ আৰু ৮৫ টা শাখা ডাকঘৰৰ কাম যোৱা ১৪ দিন ধৰি নিয়মিত ভাবে হোৱা নাই। কেতিয়াবা আধা ঘণ্টাৰ কাৰণে চাৰ্ভাৰ আহে যদিও আকৌ দুই তিনিদিনলৈ অক্ষম হৈ থাকে চাৰ্ভাৰ।
নতুন ছফটৱেৰ সংস্থাপন কৰি ভাৰতীয় ডাক সেৱাৰ ব্যৱস্থাক পূৰ্বতকৈ অধিক খৰতকীয়া আৰু গতিশীল কৰিব বিচৰা পদক্ষেপ এতিয়া কলগ্ৰহতহে পৰিণত হৈছে সকলোৰে বাবে। এইক্ষেত্ৰত বিভাগটোৰ উদ্ধৰ্তম বিষয়াই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হৈ পৰিছে নিত্যান্তই লক্ষণীয়।