'অপাৰেচন সিন্দূৰ' নামটো পঢ়ি মই বহুত কান্দিছিলোঃ বৈশালি ভাট

সেইদিনা সেইস্থানত আছিল ভাৰতীয় মূলৰ ছিংগাপুৰৰ নাগৰিক বৈশালি ভাট। বৈশালিয়ে আক্ৰমণ আৰম্ভ হোৱাৰ কিছু সময়ৰ পূৰ্বে বৈছাৰণ উপত্যকা এৰি থৈ গৈছিল।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
প্ৰধানমন্ত্ৰীক ধন্যবাদ

প্ৰধানমন্ত্ৰীক ধন্যবাদ

ডিজিটেল ডেস্কঃ ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা পহৰা নাই প্ৰতিজন ভাৰতবাসীয়ে। পৰ্যটনস্থলীৰ শান্তি ভাঙি ২৬ জন সাধাৰণ নাগৰিক হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে। সেইদিনা সেইস্থানত আছিল ভাৰতীয় মূলৰ ছিংগাপুৰৰ নাগৰিক বৈশালি ভাট। যিয়ে আক্ৰমণ আৰম্ভ হোৱাৰ কিছু সময়ৰ পূৰ্বে বৈছাৰণ উপত্যকা এৰি থৈ গৈছিল।

Advertisment

অৱশেষত সমগ্ৰ ঘটনা সন্দৰ্ভত বৈশালি ভাটে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। তেওঁ সদৰি কৰে যে, ভাৰতৰ সামৰিক সঁহাৰিৰ কথা গম পাই তেওঁ গভীৰভাৱে আপ্লুত হৈছিল। সঞ্জয় ঝাৰ নেতৃত্বত গঠিত সৰ্বদলীয় প্ৰতিনিধি দলৰ অংশ বিজেপিৰ সাংসদ ড০ হেমাং যোশীৰ সন্মুখত ভাটে কয় যে, ‘মই ২২ এপ্ৰিলত পহলগামত আছিলো আৰু ক’ব নোৱাৰো যে আক্ৰমণৰ পৰা কাণে কাণ মাৰি বাচি আহিলো ।ইয়াৰ বাবে মই নিজকে সৌভাগ্যবান বুলি ভাবো।'

তেওঁ লগতে উল্লেখ কৰে, "তাৰ পিছত প্ৰতিদিনে মই সাৰ পাই বাতৰিবোৰ পৰীক্ষা কৰিছিলো, আশা কৰিছিলো যে ইয়াৰ উত্তৰত কিবা এটা কৰা হ'ব। ৭ মে'ত পঢ়িছিলো যে ভাৰতে অপাৰেচন সিন্দূৰ কৰিছিল। নামটোৱে মোক আৱেগিকভাৱে আঘাত কৰিছিল। মই পঢ়ি বহুত কান্দিছিলো। আমাৰ বাবে ইয়াৰ অৰ্থ বহুত সকলো ভুক্তভোগী, তেওঁলোকৰ পৰিয়াল আৰু আমাৰ সকলোৰে প্ৰতিশোধ ল'বলৈ কৰা অভিযানৰ বাবে সিন্দূৰ নামটো একেবাৰে উপযুক্ত আছিল। আপুনি যি কৰিলে সেয়া আন কোনোৱে কৰিব নোৱাৰিলে। আপোনালোকৰ প্ৰতি এইটো মোৰ ব্যক্তিগত বাৰ্তা। আপোনাক বহুত বহুত ধন্যবাদ।"

পহলগাম