ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজত প্ৰথমবাৰৰ বাবে 3D এয়াৰ চাৰ্ভিলেন্স ৰাডাৰ স্থাপন

ভাৰতীয় নৌসেনা বাহিনীয়ে প্ৰথমবাৰৰ বাবে যুদ্ধজাহাজত 3D এয়াৰ চাৰ্ভিলেন্স ৰাডাৰ (3D-ASR) লাঞ্জা-এন (Lanza-N) সংস্থাপন কৰিছে।

author-image
Asomiya Pratidin
New Update
dsdsdsdsdsdsdsd

ডিজিটেল ডেস্কঃ ভাৰতীয় নৌসেনা বাহিনীয়ে প্ৰথমবাৰৰ বাবে যুদ্ধজাহাজত 3D এয়াৰ চাৰ্ভিলেন্স ৰেডাৰ (3D-ASR) লাঞ্জা-এন (Lanza-N) সংস্থাপন কৰিছে। এই আধুনিক ৰাডাৰ ব্যৱস্থাটি টাটা এডভান্সড ছিষ্টেমচে স্পেইনৰ প্রতিৰক্ষা সংস্থা ইন্দ্ৰৰ সৈতে যৌথভাৱে বিকাশ কৰিছে।

লাঞ্জা-এন হৈছে ইন্দ্ৰৰ লাঞ্জা 3D ৰাডাৰৰ নেভেল ভেৰিয়েণ্ট। স্পেইনৰ বাহিৰত প্ৰথমবাৰ এই ৰাডাৰ ব্যৱস্থা কাৰ্যক্ষম হ’বলৈ গৈ আছে। টাটা এডভান্সড ছিষ্টেমচ হৈছে প্ৰথম ভাৰতীয় সংস্থা, যিয়ে আগশাৰীৰ নৌ-সুৰক্ষা ৰাডাৰ নিৰ্মাণ আৰু একত্ৰিতকৰণত নিজৰ সক্ষমতা প্ৰদৰ্শন কৰিলে।

সাগৰ পৰীক্ষাৰ পাছত ৰাডাৰটো যুদ্ধজাহাজত সংস্থাপন কৰা হৈছে। পৰীক্ষাৰ সময়ত বিভিন্ন নৌসেনা আৰু এৰিয়েল প্লেটফৰ্মৰ সহায়ত ৰাডাৰৰ ক্ষমতা পৰীক্ষা কৰা হৈছিল। চলি থকা উৎপাদনক সমৰ্থন জনাবলৈ, কৰ্ণাটকস্থিত টাটা এডভান্সড ছিষ্টেমচৰ কেন্দ্ৰত ৰাডাৰ সংস্থাপন, একত্ৰিকৰণ আৰু পৰীক্ষা সুবিধা স্থাপন কৰা হৈছে। যাৰ ফলত সোনকালে প্ৰচুৰ পৰিমাণে ডেলিভাৰী সম্ভৱ হৈ উঠিব।

ইফালে, টাটা এডভান্সড ছিষ্টেমচৰ চিই’ও আৰু এম ডি সুকৰণ সিঙে মন্তব্য কৰি কয়, “ইন্দ্ৰৰ সৈতে আমাৰ এই সহযাত্ৰাই ভাৰতত ৰাডাৰ নিৰ্মাণ ক্ষমতা বঢ়াবলৈ সহায় কৰিছে। স্থানীয় যোগান শৃংখল আৰু প্ৰযুক্তিগত দক্ষতা ব্যৱহাৰ কৰি আমি আগশাৰীৰ প্ৰতিৰক্ষা প্ৰযুক্তিৰ বাবে শক্তিশালী এক পৰিৱেশ গঢ়ি তুলিছোঁ।”

নৌসেনা ভাৰতীয় নৌসেনা