Advertisment

ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজিবলৈ ৰাছিয়ান সেনাবাহিনীয়ে নিয়োগ কৰা ১২ ভাৰতীয়ৰ মৃত্যু, সন্ধানহীন ১৬...

ইউক্ৰেইনত যুদ্ধ কৰিবলৈ ৰাছিয়ান সেনাই নিয়োগ কৰা কমেও ১৬ জন ভাৰতীয় নাগৰিক নিৰুদ্দেশ হোৱাৰ বিপৰীতে এতিয়ালৈকে ১২ জন নিহত হৈছে । শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সদৰী কৰে উক্ত তথ্য ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ  ইউক্ৰেইনত যুদ্ধ কৰিবলৈ ৰাছিয়ান সেনাই নিয়োগ কৰা কমেও ১৬ জন ভাৰতীয় নাগৰিক নিৰুদ্দেশ হোৱাৰ বিপৰীতে এতিয়ালৈকে ১২ জন নিহত হৈছে । শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সদৰী কৰে উক্ত তথ্য ।

Advertisment

ৰাছিয়াৰ সেনাই নিযুক্তি দিয়া কেৰালাৰ এজন ভাৰতীয় নাগৰিকৰ মৃত্যুৰ লগতে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত আন এজন আহত হোৱাৰ  পিছতে এই তথ্য প্ৰকাশ পাইছে ।ইয়াৰ পিছতে ভাৰতে ৰাছিয়াৰ আগত এই বিষয়টো তীব্ৰভাৱে উত্থাপন কৰি সকলো ভাৰতীয়ক ৰাছিয়ান সেনাৰ পৰা আগতীয়াকৈ মুকলি কৰি দিয়াৰ বাবে পুনৰবাৰ দাবী  জনায় ।

‘আজিলৈকে ১২৬ জন ভাৰতীয়ই ৰাছিয়ান সেনাবাহিনীত যোগদান কৰাৰ তথ্য পোৱা গৈছে । ১২৬ জনৰ ভিতৰত ৯৬ জন লোক ইতিমধ্যে ভাৰতলৈ উভতি আহিছে । ৰাছিয়ান সেনাবাহিনীত ১৮ জন ভাৰতীয় নাগৰিক বাকী আছে আৰু ইয়াৰে ১৬ জন পৰিচয় জনা হোৱা নাই ।’ শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এইদৰে কয়।

জয়ছৱালে কয় যে ৰাছিয়াই ১৬ জন ভাৰতীয় নাগৰিকক “নিৰুদ্দেশ” বুলি ঘোষণা কৰিছে । লগতে কয় যে ভাৰতে আগতীয়াকৈ বাকী থকাসকলক ঘূৰাই আনিবলৈ বিচাৰিছে। ইউক্ৰেইন সংঘাতৰ সময়ত নিহত কেৰালাৰ লোক বিনীল বাবুৰ মৃত্যুত শোক প্ৰকাশ কৰি মন্ত্ৰালয়ে কয় যে তেওঁৰ মৃতদেহ ঘূৰাই অনাৰ বাবে ভাৰতীয় দূতাবাসে ৰাছিয়া কৰ্তৃপক্ষৰ সৈতে যোগাযোগত আছে। আন এজন ভাৰতীয় নাগৰিক জৈন টি কে মস্কোত চিকিৎসা গ্ৰহণ কৰি চিকিৎসা সম্পূৰ্ণ হোৱাৰ পিছত ভাৰতলৈ উভতি অহাৰ সম্ভাৱনা আছে।


উল্লেখযোগ্য যে ইউক্ৰেইনত ৰাছিয়ান সেনাৰ হৈ যুঁজ দিয়া কমেও ১২ জন ভাৰতীয় নাগৰিক ইতিমধ্যে নিহত হৈছে। 

ৰাছিয়া-ইউক্ৰেইন