ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ বিকাশৰ ক্ষেত্ৰত হাৰ্ডৱেৰ খণ্ডৰ বিশাল সম্ভাৱনা...

ভাৰতৰ ক্ষুদ্ৰ তথা লঘু উদ্যোগবোৰ বিকাশৰ ক্ষেত্ৰত হাৰ্ডৱেৰ ক্ষেত্ৰখনে বিশেষ অৰিহণা যোগোৱাৰ অৱকাশ আছে। ভাৰতৰ হাৰ্ডৱেৰ ৰপ্তানিয়ে ২০৩০ৰ ভিতৰত স্পৰ্শ কৰিব ২ট্ৰিলিয়ন

author-image
Asomiya Pratidin
New Update
ojkjdjdjjd

ডিজিটেল ডেস্কঃ  ভাৰতৰ ক্ষুদ্ৰ তথা লঘু উদ্যোগবোৰ বিকাশৰ ক্ষেত্ৰত হাৰ্ডৱেৰ ক্ষেত্ৰখনে বিশেষ অৰিহণা যোগোৱাৰ অৱকাশ আছে। ভাৰতৰ হাৰ্ডৱেৰ ৰপ্তানিয়ে ২০৩০ৰ ভিতৰত স্পৰ্শ কৰিব ২ট্ৰিলিয়ন ডলাৰৰ সীমা। এই লক্ষ্য আৰু উদ্দেশ্য সন্মুখত ৰাখি প্ৰস্তুত কৰা হৈছে পৰিকাঠামো। এই সন্দৰ্ভত ভাৰতীয় ৰপ্তানি সংস্থা ফেডাৰেচনৰ সভাপতি অশ্বনী কুমাৰে শনিবাৰে কেতবোৰ কথা অৱগত কৰে। 

সভাপতিগৰাকীয়ে কয় যে ২০২৩ৰ পাছত ভাৰতে হাৰ্ডৱেৰ ৰপ্তানিৰ হাৰ ১৫% বৃদ্ধি কৰিছে। এই লক্ষ্য আগত ৰাখি অনাগত দিনৰ বাবে ভাৰতে হাৰ্ডৱেৰ ৰপ্তানি অধিক হাৰত বৃদ্ধি কৰাৰ বাবে সাজু হৈছে। 

ইতিমধ্যে ভাৰতে বিশ্বজুৰি পঞ্চম বৃহত্তম বৃহৎ অর্থনীতি হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। ২০২৭ৰ ভিতৰত ৫ ট্রিলিয়ন মার্কিন ডলাৰৰ অৰ্থনীতি লাভ কৰাৰ বাবে সামূহিক দৃষ্টিভংগীৰে ইতিমধ্যে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে।

ভাৰতৰ ৰপ্তানিৰ গতি আৰু অভিলাষী লক্ষ্যৰ ওপৰত আলোকপাত কৰি ফেডাৰেচন অৱ ইণ্ডিয়ান এক্সপ'র্ট অর্গেনাইজেশান চমুকৈ এফ আই ই অ’ৰ সঞ্চালক প্রধান তথা মুখ্য কার্যবাহী বিষয়া অজয় সাহাই কয়- ভাৰতে উল্লেখযোগ্য ৰপ্তানি বৃদ্ধিৰ বাবে ইতিমধ্য সাজু হৈছে। ২০৩০ চনৰ ভিতৰত ২ ট্রিলিয়ন ডলাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰি ইয়াৰ বাবে পৰিকাঠামো প্ৰস্তুত কৰা হৈছে বুলি সাহাই মন্তব্য কৰে।

ভাৰত