
ডিজিটেল ডেস্কঃ বিশ্বত দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ভিডক লৈ জাৰী কৰা হৈছে নতুন নিৰ্দেশনা। ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে জাৰী কৰিছে নতুন নিৰ্দেশনা। বিশ্বত BF-7 ভেৰিয়েণ্টক লৈ ১০ টাকৈ নতুন নিৰ্দেশনা জাৰী কৰিছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে।
এই নিৰ্দেশনাসমূহ হ’ল-
ৰাজহুৱা স্থানত গ’লেই পৰিধান কৰক মাস্ক
সামাজিক দূৰত্ব বৰ্তাই ৰাখক
ঘনাই চাবোনেৰে হাত ধোঁৱক
ছেনিটাইজাৰ ব্যৱহাৰ কৰক
ৰাজহুৱা স্থান পৰাপক্ষত পৰিত্যাগ কৰক
বিয়া-সবাহ, যিকোনো সমাগম হোৱা অনুষ্ঠান আদি ত্যাগ কৰক
আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ পৰিত্যাগ কৰক
জ্বৰ-চৰ্দি, কাঁহ, কফ, ডিঙিৰ চেৰচেৰণি, সঘনাই শৌচ হ’লে লগে লগে চিকিৎসকৰ কাষ চাপক
ক’ভিডৰ ভেকচিন তথা প্ৰিক’চিনেৰী ড’জ শীঘ্ৰেই গ্ৰহণ কৰক
চৰকাৰী সকলো নিৰ্দেশনা মানি চলক।