ডিজিটেল ডেস্কঃ ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংকৰ এক প্ৰতিবেদন অনুসৰি অভিলেখ ৰচিছে ভাৰতৰ ইক্যুটি বজাৰে। ধাৰাবাহিকভাৱে অৱনমিত হোৱা পাছতো ৯ বছৰত ইতিবাচক প্ৰত্যাৱৰ্তনৰ সৈতে ২০২৪ চনক বিদায় দিব ওলাইছে ভাৰতৰ ইক্যুটি বজাৰে।
এই কৃতিত্বই ভাৰতীয় অৰ্থনীতি আৰু ইয়াৰ বিত্তীয় বজাৰৰ প্ৰদৰ্শন প্ৰতিফলিত কৰে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, ২০২৪ চনটো ভাৰতীয় ইকুইটি আৰু বণ্ডৰ বাবে দুটা সুকীয়া অৰ্ধেকৰ বছৰ আছিল। প্ৰথম সময়ছোৱাত (H1) উৰ্দ্ধগামী বৃদ্ধি পৰিলক্ষিত হৈছিল, যিটো অৰ্থনৈতিক কাৰ্যকলাপ আৰু কৰ্পৰেট উপাৰ্জনৰ দ্বাৰা সম্ভৱ হৈছিল।
কিন্তু দ্বিতীয়াৰ্ধত (H2) অৰ্থনৈতিক বৃদ্ধি আৰু উপাৰ্জনৰ গতি মন্থৰ হৈছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ আৰু ঋণৰ সংশয় পৰিচালনা কৰাত অগ্ৰাধিকাৰ দিছিল। যাৰ ফলত সুতৰ হাৰ স্বাভাৱিকতকৈ অধিক হোৱা বাবে এই মন্দাৱস্থাৰ সৃষ্টি হয়।
২০২৪ ত প্ৰথমাৱস্থাত ভাৰতীয় ইকুইটি আৰু বণ্ডৰ শক্তিশালী প্ৰদৰ্শন পৰিলক্ষিত হৈছিল যদিও পাছলৈ বিত্তীয় বজাৰ অৰ্ধনমিত হৈছিল। প্ৰতিবেদনত এইটোও উল্লেখ কৰা হৈছে যে, এই প্ৰত্যাহ্বানসমূহৰ মাজতো চলিত বৰ্ষত এতিয়ালৈকে নিফটি ৫০ সূচাংক ৯.২১ শতাংশ বৃদ্ধি পাইছে।
ইয়াৰ বিপৰীতে চেনচেক্স সূচক ৮.৬২ শতাংশ বৃদ্ধি পাই ভাৰতীয় শ্বেয়াৰ বজাৰৰ নমনীয়তা প্ৰদৰ্শন কৰিছে। উক্ত প্ৰতিবেদনখনে ২০২৫ চনত অৰ্থনৈতিক বিকাশৰ উন্নতি হ’ব বুলি আশা কৰিছে।