এতিয়াৰে পৰা মোবাইল চুৰি কৰি সাৰি যাব নোৱাৰিব চোৰ, কেনেকৈ?…

এতিয়াৰে পৰা মোবাইল চুৰি কৰি সাৰি যাব নোৱাৰিব চোৰ, কেনেকৈ?…

author-image
asomiyapratidin
New Update
এতিয়াৰে পৰা মোবাইল চুৰি কৰি সাৰি যাব নোৱাৰিব চোৰ, কেনেকৈ?…

ডিজিটেল ডেস্কঃ মোবাইল চুৰ কৰি এতিয়াৰে পৰা সাৰি যাব নোৱাৰিব চোৰ। এনে এক প্ৰযুক্তি কৌশল উদ্ভাৱন হৈছে যাৰ জৰিয়তে চুৰি হোৱা ফোন অতি সহজতে সন্ধান পোৱা যাব। কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা এই প্ৰযুক্তি দেশত কাৰ্যকৰী কৰিব বুলি জানিব পৰা গৈছে।

Advertisment

তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ এজন বিষয়াই জানিবলৈ দিয়া মতে যেতিয়া কোনো লোকৰ মোবাইল চুৰি হয়, তেতিয়া ছিম কাৰ্ডখন খুলি পেলোৱা হয় অথবা আই এম ই আই নম্বৰটো সলনি কৰি দিয়া হয়। এনে কৰি দিয়াৰ পাছতে আৰক্ষীয়ে চুৰি হোৱা ফোনটোৰ কোনো সন্ধান লাভ কৰিব নোৱাৰে। কিন্তু এতিয়াৰে পৰা এই সকলো কাম কৰা পাছতো আৰক্ষীয়ে চুৰি হোৱা ফোনৰ সন্ধান লাভ কৰিব।

এই প্ৰযুক্তি কৌশল কাৰ্যকৰী কৰিবৰ বাবে তথ্য-প্ৰযুক্তি বিভাগে সকলো মোবাইল উপভোক্তাৰ এক ডাটা প্ৰস্তুত কৰিছে। এই ডাটাৰ জৰিয়তে দেশৰ সকলো মোবাইল উপভোক্তাৰ আই এম ই আই নম্বৰ ৰেজিষ্টাৰ কৰা হৈছে। এই ব্যৱস্থা কাৰ্যকৰী হোৱাৰ পাছত চুৰি হোৱা মোবাইলৰ নাম্বাৰ আৰক্ষীয়ে লগে লগে ব্লক কৰিব পাৰিব আৰু আই এম ই আইৰ ক'ডৰ জৰিয়তে চুৰি হোৱা ফোনৰ সন্ধান লাভ কৰিব।

চি-ডট নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰিছে এই প্ৰযুক্তি কৌশল। সংসদৰ অধিৱেশন শেষ হোৱাৰ পাছতে বিভাগীয় মন্ত্ৰীক এই কৌশলৰ বিষয়ে অৱগত কৰা হ'ব। ২৬ জুলাইত অন্ত পৰিব এই অধিৱেশন, সেয়েহে চলিত বৰ্ষৰ আগষ্ট মাহত এই কৌশল দেশত কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে।