/asomiyapratidin/media/media_files/2025/07/16/isl-2025-07-16-13-51-24.jpeg)
ডিজিটেল ডেস্কঃ অনিশ্চয়তাত আই এছ এল। প্ৰতিযোগিতাখনৰ আয়োজক ফুটবল স্প’ৰ্টছ ডেভেলপমেণ্ট লিমিটেডে ক্লাবসমূহক জনাইছে যে ২০২৫-২৬ আই এছ এল ছিজন স্থগিত ৰখা হৈছে। কাৰণ এফ এছ ডি এলৰ সৈতে অল ইণ্ডিয়া ফুবটবল ফেডাৰেছনৰ চুক্তি মাষ্টাৰছ ৰাইটছ এগ্ৰিমেণ্ট (এম আৰ এ) নবীকৰণৰ সন্দৰ্ভত তেওঁলোকৰ এতিয়াও কোনো নিশ্চয়তা নাই।
চলিত বৰ্ষৰ ৮ ডিচেম্বৰত দুয়োপক্ষৰ মাজত হোৱা চুক্তিৰ ম্যাদ অন্ত পৰিব। ফলত আই এছ এলৰ ভৱিষ্যত অনিশ্চয়তাৰ মাজলৈ গৈছে। ফলত ভাৰতীয় ফুটবলৰ কিংবদন্তি সুনীল ছেত্ৰীও এই লৈ চিন্তিত হৈ পৰিছে।
বেংগালুৰু এফ চিৰ অধিনায়কগৰাকীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, "কিছু সপ্তাহৰ পূৰ্বে যেতিয়া মই গম পালোঁ যে প্ৰি-ছিজন শিবিৰ এসপ্তাহ পিছুৱাই দিয়া হৈছে, তেতিয়া মই সুখী হৈছিলো। কাৰণ, সেই সময়ত মই ছুটীত আছিলো। মোৰ পুৰণি ছন্দলৈ ঘূৰি আহিবলৈ মোৰ আৰু অলপ সময় লাগিলহেঁতেন।
কিন্তু সেই এটা সপ্তাহ এতিয়া অনিৰ্দিষ্টকাললৈ পৰিণত হৈছে। তেতিয়া মোৰ মুখত যি হাঁহি আছিল, সেয়া এতিয়া নোহোৱা হৈ গৈছে। বিভিন্ন ক্লাবৰ ফুটবলাৰৰ সৈতে কথা পতাৰ পিছত বুজিলোঁ যে সমস্যাটো কিমান ডাঙৰ আৰু গুৰুত্বপূৰ্ণ।'
তেওঁ আৰু লিখিছে, ‘ভাৰতীয় ফুটবলে বৰ্তমান যি পৰিস্থিতিৰ সন্মুখীন হৈছে সেয়া অতি চিন্তনীয়। খেলুৱৈ, কৰ্মচাৰী, ফিজিঅ’ৰ পৰা বহুত মেছেজ পাইছো। কেৱল মোৰ ক্লাবৰ পৰাই নহয়, আন ক্লাবৰ পৰাও। ভাৰতীয় ফুটবলৰ সৈতে জড়িত সকলোৱে সন্মুখীন হোৱা অনিশ্চয়তাৰ বাবে স্বাভাৱিকতে আমি গভীৰভাৱে চিন্তিত, বেদনাদগ্ধ আৰু আশংকাত ভূগিছো।'
অৱশ্যে ইমান পিছতো হাৰ মানিবলৈ ইচ্ছুক নহয় ফুটবলাৰগৰাকী। ভাৰতীয় ফুটবলৰ জগতখনৰ ওপৰলৈ অহা এই কলীয়া ডাৱৰ শীঘ্ৰেই আঁতৰি যাব বুলি তেওঁৰ বিশ্বাস।
তেওঁ লগতে লিখিছে, ‘এয়া অতি সোনকালে সমাধান হ’ব বুলি মই আশাবাদী। ফুটবল পৰিচালনাৰ লগত জড়িতসকলে কাম কৰি আছে। সকলো উত্তৰ মোৰ হাতত নাথাকিবও পাৰে, কিন্তু ভাৰতীয় ফুটবলৰ লগত জড়িত সকলোলৈ মোৰ বাৰ্তা এইটোৱেই যে সকলোৱে ধৈৰ্য্য ধৰক। আমি একেলগে এই ধুমুহাক সহ্য কৰিম। সকলো একেলগে থাকক। অনুশীলন কৰি থাকিব। আকৌ আৰম্ভ হ’ব ফুটবল। আৰম্ভ হ’বই।'
মন কৰিবলগীয়া যে ২০২৫ চনৰ ডিচেম্বৰলৈকে ফেডাৰেচনৰ সৈতে এফ এছ ডি এলৰ চুক্তিৰ ম্যাদ আছে। কিন্তু এই ছিজনত যদি আই এছ এল এটা নিৰ্দিষ্ট সময়ত আৰম্ভ হয় তেন্তে ২০২৬ ৰ এপ্ৰিল মাহৰ শেষলৈকে চলি থাকিব। কিন্তু চুক্তিৰ ম্যাদ ডিচেম্বৰলৈকে।
গতিকে চুক্তি অবিহনে জানুৱাৰী মাহৰ পৰা কেনেকৈ অনুষ্ঠিত হ’ব আই এছ এল? সমস্যাটো ইয়াৰ পৰাই আৰম্ভ হৈছে। তদুপৰি উচ্চতম ন্যায়ালয়ে এই কথাও জনাইছে যে কল্যাণ চৌবেৰ নেতৃত্বত ফেডাৰেচনৰ কোনো কমিটীয়ে এফ এছ ডি এলৰ সৈতে চুক্তি বৃদ্ধিৰ কোনো ধৰণৰ আলোচনা কৰিব নোৱাৰিব। ফলত ভাৰতীয় ফুটবলক লৈ এক জটিল সমস্যাৰ সৃষ্টি হৈছে।