মহিলা এছিয়া কাপত জয়লাভ কৰি ইতিহাস ৰচিলে টিম ইণ্ডিয়াই...

মহিলা এছিয়া কাপত জয়লাভ কৰি ইতিহাস ৰচিলে টিম ইণ্ডিয়াই...

author-image
Asomiya Pratidin
New Update
মহিলা এছিয়া কাপত জয়লাভ কৰি ইতিহাস ৰচিলে টিম ইণ্ডিয়াই...

ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিৰুদ্ধে ভাৰতে অৰ্জন কৰিলে সৰ্ববৃহৎ জয়। মহিলা এছিয়া কাপত জয়লাভ কৰি ইতিহাস ৰচিলে টিম ইণ্ডিয়াই। ভাৰতীয় বলাৰৰ সন্মুখত বিধ্বস্ত পাকিস্তানী ক্ৰিকেটাৰ।

Advertisment

শুকুৰবাৰৰ পৰা ডাম্বুলাত অনুষ্ঠিত হৈছে মহিলা এছিয়া কাপ। প্ৰথমখন খেল অনুষ্ঠিত হৈছিল ভাৰত পাকিস্তানৰ মাজত। পাকিস্তানে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি ১০৮ ৰানতেই ইনিংছ সামৰে। ভাৰতীয় বলাৰৰ সন্মুখত পাকিস্তানৰ কোনো এগৰাকী বেটাৰে বৃহৎ স্ক'ৰ কৰাত ব্যৰ্থ হয়।

উল্লেখযোগ্য যে, ১০৯ ৰাণৰ লক্ষ্য আগত লৈ ভাৰতীয় মহিলা দলে ১৪.১ অভাৰত ৩টা উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে। ইফালে ১৯.২ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ১০৮ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল পাকিস্তানৰ মহিলা দলটো ৷

ভাৰতৰ স্মৃতি মান্ধানাই ৩১টা বলৰ সন্মুখীন হৈ ৪৫ ৰাণ সংগ্ৰহ কৰাৰ লগতে শ্বেফালী বাৰ্মাই ২৯ টা বলত ৪০ ৰাণৰ এক ইনিংছ খেলে ৷ ইফালে, দীপ্তি শৰ্মাই ৪অভাৰত মাত্ৰ ২০ ৰান দি তিনিটা উইকেট দখল কৰিবলৈ সক্ষম হয়। যাৰবাবে, দিপ্তী শৰ্মা প্লেয়াৰ অব দ্য মেচ হিচাপে বিবেচিত হয় ৷

ভাৰতীয় দলৰ বিৰুদ্ধে বাৰে বাৰে বিপৰ্যস্ত হৈ আহিছে পাকিস্তানৰ ক্ৰিকেটাৰসকল।মহিলা আৰু পুৰুষৰ টি-২০ত পাকিস্তানৰ বিৰুদ্ধে সৰ্বাধিক ব্যৱধানত জয়লাভ কৰে ভাৰতে।

Also Read: চিৰাঙৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তী - মানুহৰ সংঘাত...

india cricket team India vs Pakistan asia cup