২০১৯ৰ পৰা নিউজিলেণ্ডলৈ ভাৰতীয় ৰপ্তানি ৬২% বৃদ্ধি...

নিউজিলেণ্ডলৈ ভাৰতৰ বৃদ্ধি পোৱা ৰপ্তানিয়ে ২০২৪ চনত নতুন উচ্চতাত উপনীত হৈছে।  প্ৰথমবাৰৰ বাবে ৬০০ মিলিয়ন ডলাৰৰ সীমা অতিক্ৰম কৰা বুলি মানিকণ্ট্ৰ’লৰ এক বিশ্লেষণে প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
ijijি

ডিজিটেল ডেস্কঃ নিউজিলেণ্ডলৈ ভাৰতৰ বৃদ্ধি পোৱা ৰপ্তানিয়ে ২০২৪ চনত নতুন উচ্চতাত উপনীত হৈছে।  প্ৰথমবাৰৰ বাবে ৬০০ মিলিয়ন ডলাৰৰ সীমা অতিক্ৰম কৰা বুলি মানিকণ্ট্ৰ’লৰ এক বিশ্লেষণে প্ৰকাশ কৰিছে। যদিও ভাৰতৰ পৰা ৰপ্তানি ৬২ শতাংশ বৃদ্ধি পাইছে, তথাপিও দেশসমূহৰ মাজত বাণিজ্য নিস্তব্ধ হৈ আছে। ২০১৯ চনৰ পৰা ২৪ শতাংশ ৰপ্তানি বৃদ্ধি পঞ্জীয়ন কৰিছে।

Advertisment

এটা দশকৰো অধিক সময়ৰ পাছত দুয়োখন দেশে মুক্ত বাণিজ্য চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰাৰ লগে লগে ব্যৱসায়িক সামগ্ৰীৰ ব্যৱসায়ত উত্থান পোৱাৰ সম্ভাৱনা আছে। যোৱা ১৭ মাৰ্চত নিউজিলেণ্ডৰ ভ্ৰমণকাৰী প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সনে নতুন দিল্লীত কয় যে, ‘দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বৃহৎ সম্ভাৱনা আছে৷

২০১৫ চনত ৮৬২ মিলিয়ন ডলাৰৰ পৰা ২০২৪ চনত ১২ বিলিয়ন ডলাৰলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ক’ভিডৰ পিছত দুয়োখন দেশৰ মাজত বাণিজ্যৰ প্ৰকৃতি সলনি হৈছে। ঘাটি ৰাষ্ট্ৰৰ পৰা ভাৰত কিউইৰ সৈতে বাণিজ্যৰ ক্ষেত্ৰত উদ্বৃত্ত ৰাষ্ট্ৰলৈ পৰিণত হৈছে। ২০১৫ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ভাৰতত নিউজিলেণ্ডৰ সৈতে ২২৯.৫ মিলিয়ন ডলাৰৰ ঘাটি আছিল আৰু ইয়াৰ ৰপ্তানি আমদানিৰ তুলনাত কম হৈছিল। কৰ’না ভাইৰাছৰ সংক্ৰমণে দোল খালে বাণিজ্যৰ ভাৰসাম্য।

২০২০ চনত ভাৰতে ২৯ মিলিয়ন ডলাৰৰ বাণিজ্যিক উদ্বৃত্ত চলাইছিল, যিটো পৰৱৰ্তী তিনি বছৰত ১৩২ মিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছিল। ২০২৪ চনত ভাৰতে ৮৫ মিলিয়ন ডলাৰৰ উদ্বৃত্ত লাভ কৰিছিল, কাৰণ ভাৰতলৈ নিউজিলেণ্ডৰ ৰপ্তানি পুনৰ উত্থান ঘটিছিল।

ভাৰতৰ পৰা ৰপ্তানিৰ শীৰ্ষ বস্তু হিচাপে ঔষধজাত সামগ্ৰীৰ ঠাইত খনিজ ইন্ধনে গ্ৰহণ কৰিছে, মুঠ বাণিজ্যৰ ১৩ শতাংশ। ইলেক্ট্ৰনিক্সেও ৰপ্তানিৰ জখলাৰে ওপৰলৈ উঠিছে, ভাৰতৰ মোবাইল ডিভাইচ নিৰ্মাণ আৰু সংযোগৰ ক্ষেত্ৰত ক্ৰমাৎ দক্ষতা বৃদ্ধি পাইছে।

ভাৰতীয় অৰ্থনীতি