/asomiyapratidin/media/media_files/2025/06/19/magic-book-19-2025-06-19-22-44-58.jpg)
ডিজিটেল ডেস্কঃ 'মেজিক বুক অফ ৰেকৰ্ডছ'ৰ তৰফৰ পৰা খ্ৰামছাৰ বসুমতাৰীলৈ আগবঢ়োৱা হৈছে 'ইণ্ডিয়ান এড্যুকেছন আইকন এৱাৰ্ড'। শিক্ষা ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱাৰ লগতে বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব।
১২ জুলাই, ২০২৫ শনিবাৰে দিল্লী এন চি আৰৰ ফৰিদাবাদত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠিত হ’ব মেজিক বুক অফ ৰেকৰ্ডছৰ বঁটা প্ৰদান অনুষ্ঠান। দিনৰ ২-৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰাৰ লগতে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হ’ব।