অপ্ৰতিৰোধ্য ভাৰতীয় অৰ্থনীতি! পিছ পেলাব বহুকেইখন দেশক...

প্ৰত্যাহ্বান বহু আছে, কিন্তু তাৰ মাজতো ভাৰতীয় অৰ্থনীতিয়ে বিশ্বৰ ভিতৰতে এক প্ৰতিষ্ঠিত আসন অধিষ্ঠিত কৰিবলৈ গৈ আছে। বহু অৰ্থনীতিবিদে এই সম্ভৱনা ব্যক্ত কৰাৰ পাছত এই কথা

author-image
Asomiya Pratidin
New Update
ujuj

ডিজিটেল ডেস্কঃ প্ৰত্যাহ্বান বহু আছে, কিন্তু তাৰ মাজতো ভাৰতীয় অৰ্থনীতিয়ে বিশ্বৰ ভিতৰতে এক প্ৰতিষ্ঠিত আসন অধিষ্ঠিত কৰিবলৈ গৈ আছে। বহু অৰ্থনীতিবিদে এই সম্ভৱনা ব্যক্ত কৰাৰ পাছত এই কথা এইবাৰ ব্যক্ত কৰিছে হিন্দুস্তান ইউনিলিভাৰৰ অধ্যক্ষ নীতিন পৰঞ্জপেই।

Advertisment

তেওঁ কয় যে,   ভূ-ৰাজনৈতিক অনিশ্চয়তাৰ মাজতো ভাৰতীয় অৰ্থনীতি বহনক্ষম আৰু সৰ্বাংগীন বৃদ্ধিৰ বাবে সাজু হৈছে।  আজিৰ বিশ্বৰ বৈশিষ্ট্য হৈছে অনিশ্চয়তা আৰু বিশৃংখলতা। কিন্তু এই পৰিস্থিতিৰ মাজতে ভাৰতীয় অৰ্থনীতিয়ে বহনক্ষম আৰু সৰ্বাংগীন বৃদ্ধিৰ পথ অব্যাহত ৰাখিবলৈ সাজু হোৱা যেন দেখা গৈছে।

তেওঁ লগতে কয়-  এটা বিকশিত আৰু আকাংক্ষিত ভাৰতৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আমি সামৰ্থ্য গঢ়ি তুলিছো।সমন্মত এই বৃদ্ধিৰ যাত্ৰাই পৰিৱেশত নেতিবাচক প্ৰভাৱ নপৰে আৰু কাকো পিছুৱাই নাযায় তাৰ বাবে আমি চেষ্টা কৰিছো।

উল্লেখ কৰা প্ৰয়োজন যে,  ভাৰত দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিসমূহৰ ভিতৰত অন্যতম।  ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত প্ৰায় ৬.৩ শতাংশ বৃদ্ধিৰ প্ৰকল্প কৰা হৈছে। আই এম এফৰ তথ্য অনুসৰি ভাৰতৰ জি ডি পি ২০১৫ চনত ২.১ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২০২৫ চনত ৪.৩ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ ওপৰত হৈছেগৈ, আৰু অতি সোনকালে জাপানক অতিক্ৰম কৰি চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। 

ভাৰত