২০২৫-২৬বিত্তীয় বৰ্ষত বৃদ্ধি পাব ভাৰতীয় অৰ্থনীতি...

দেশৰ এটি অগ্ৰণী বিত্তীয় প্ৰতিষ্ঠান বেংক অৱ বৰোদাৰ এক প্ৰতিবেদন অনুসৰি,  ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতীয় অৰ্থনীতি ৬.৮ শতাংশ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে ইয়াৰ বাবে তেওঁলোকে ভিন্ন দিশৰ কথাও প্ৰতিবেদনত সবিস্তাৰে উল্লেখ কৰিছে।

author-image
Asomiya Pratidin
New Update
ভাৰতীয়

ভাৰতীয় Photograph: (ভাৰতীয়)

ডিজিটেল ডেস্কঃ দেশৰ এটি অগ্ৰণী বিত্তীয় প্ৰতিষ্ঠান বেংক অৱ বৰোদাৰ এক প্ৰতিবেদন অনুসৰি,  ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতীয় অৰ্থনীতি ৬.৮ শতাংশ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে ইয়াৰ বাবে তেওঁলোকে ভিন্ন দিশৰ কথাও প্ৰতিবেদনত সবিস্তাৰে উল্লেখ কৰিছে।

একে সময়ছোৱাত জি ডি পি বৃদ্ধি প্ৰায় ১০.৫ শতাংশ হ’ব বুলি প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে। ইয়াত লগতে কোৱা হৈছে যে এই বৃদ্ধিৰ মূল সূচকসমূহৰ ভিতৰত আছে শক্তিশালী বিমান যাত্ৰী যাতায়ত, সেৱাৰ পিএমআই বৃদ্ধি, আৰু জিএছটি সংগ্ৰহ বৃদ্ধি।

ইয়াৰ উপৰিও অধিক ৰবি শস্যই দেশৰ কৃষি অৰ্থনীতি টনকিয়াল কৰিব বুলিও আগজাননী প্ৰদান কৰিছে বেংক অৱ বৰোদাই।  প্ৰতিবেদনত আলোকপাত কৰা হৈছে যে , ভাৰতীয় অৰ্থনীতিয়ে স্থিতিস্থাপকতা প্ৰদৰ্শন কৰিছে। এই স্থিতিস্থাপকতা উচ্চ কম্পাঙ্ক সূচকসমূহত প্ৰতিফলিত হৈছে যিয়ে বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকত যথেষ্ট উত্থান দেখুৱাইছে। আগন্তুক মাহত এই বৃদ্ধিৰ গতি বৰ্তি থাকিব বুলি প্ৰকাশ কৰিছে বেংকটোৱে। 

ভাৰত