সন্ত্ৰাসবাদৰ বিৰুদ্ধে থিয় দিলে জাপানত বাস কৰা ভাৰতীয়ই

বৃহস্পতিবাৰে জাপানত বাস কৰা ভাৰতীয় মূলৰ লোকসকলে টকিঅ’ত একত্ৰিত হৈ কাশ্মীৰ উপত্যকাৰ পহলগামত শেহতীয়াকৈ সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক একেমুখে গৰিহণা দিয়ে।

author-image
Asomiya Pratidin
New Update
সন্ত্ৰাসবাদৰ বিৰুদ্ধে থিয় দিলে জাপানত বাস কৰা ভাৰতীয়ই

সন্ত্ৰাসবাদৰ বিৰুদ্ধে থিয় দিলে জাপানত বাস কৰা ভাৰতীয়ই

ডিজিটেল সংবাদ, গুৱাহাটীঃ বৃহস্পতিবাৰে জাপানত বাস কৰা ভাৰতীয় মূলৰ লোকসকলে টকিঅ’ত একত্ৰিত হৈ কাশ্মীৰ উপত্যকাৰ পহলগামত শেহতীয়াকৈ সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক একেমুখে গৰিহণা দিয়ে। শ্বিবুয়া ষ্টেচন এলেকাৰ আইকনিক হাচিকো মূৰ্তিৰ সন্মুখত মৌনতা অৱলম্বন কৰি ভুক্তভোগীক সন্মান জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে।

Advertisment

এই সমাৱেশত সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰুদ্ধে এক সামূহিক বাৰ্তা প্ৰতিধ্বনিত হয়। শান্তিপূৰ্ণ বিক্ষোভত জাপানত বাস কৰা ভাৰতীয় সকলে অদম্য মনোভাৱ আৰু শান্তি, ন্যায় আৰু মানৱতাৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাক আলোকপাত কৰে। এই সমাৱেশত জাপানৰ বিভিন্ন ভাৰতীয় সংগঠনৰ ছাত্ৰ-ছাত্ৰী, পেছাদাৰী ব্যক্তি, প্ৰতিনিধিসকলো উপস্থিত আছিল। ভাৰত মাতা কি জয়, পাকিস্তান মুৰ্দাবাদ, হিন্দু লাইভছ মেটাৰ ইত্যাদিকে ধৰি নম্বৰ শ্লোগান প্ৰদৰ্শন কৰে অংশগ্ৰহণকাৰীয়ে।

অংশগ্ৰহণকাৰীয়ে সদৰি কৰে যে, "আমি হয়তো ঘৰৰ পৰা বহু দূৰত আছো, কিন্তু আমাৰ হৃদয় ভাৰতৰ সৈতে গভীৰভাৱে সংযুক্ত হৈয়েই আছে। আজি আমি কেৱল শোক প্ৰকাশ কৰিবলৈ নহয়, বৰঞ্চ বৃহত্তৰ কিবা এটাৰ বাবে থিয় দিবলৈ একত্ৰিত হৈছো- সন্ত্ৰাসবাদবিহীন এখন পৃথিৱী।" পাকিস্তানে লালন-পালন কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মাতিবলৈ আৰু সীমান্তৰ সিপাৰে শান্তি আৰু সম্প্ৰীতি বৃদ্ধি কৰা পদক্ষেপক সমৰ্থন কৰিবলৈ বিশ্বৰ নাগৰিকসকলক আহ্বান জনায় অংশগ্ৰহণকাৰীয়ে।

পহলগাম জম্মু কাশ্মীৰ জাপান