/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/0e5d1829-ac30-487a-a689-12bcf27a1c8c/uthappa.jpg)
Ravin Uthappa's retire
ডিজিটেল ডেস্কঃ ২০০৭ চনৰ টী-২০ বিশ্বকাপ জয়ী ভাৰতীয় ক্ৰিকেট দলৰ সদস্য ৰবীন উথাপ্পাৰ অৱসৰ। বুধবাৰে নিজৰ সমাজিক মাধ্যমৰ পোষ্টৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে উইকেট ৰক্ষক বেটছমেন ৰবীন উথাপ্পাই।
উল্লেখ্য যে ২০০৬ চনৰ ১৫ এপ্ৰিলত ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া খেলত অভিষেক ঘটা উথাপ্পাই দেশৰ হৈ ৪৬ খন এদিনীয়া খেলি ৬ টা অৰ্ধ শতকৰে ৯৩৪ ৰাণ সংগ্ৰহ কৰিছিল।