অষ্ট্ৰেলিয়াত অনুশীলন আৰম্ভ ভাৰতীয় ক্ৰিকেট দলৰ...

ভাৰতে ১৭ আৰু ১৯ অক্টোবৰত ক্ৰমে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ বিপক্ষে প্ৰস্তুতি মেচত ভাগ ল'ব

author-image
Asomiya Pratidin
New Update
অষ্ট্ৰেলিয়াত অনুশীলন আৰম্ভ ভাৰতীয় ক্ৰিকেট দলৰ...

Indian cricket team

ডিজিটেল ডেস্কঃ টী-২০ বিশ্বকাপ সমাগত। সেয়ে দুসপ্তাহ আগতে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ সৈতে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দল উপস্থিত হৈছে অষ্ট্ৰেলিয়াত। কিয়নো ২০২২ বৰ্ষৰ টী-২০ বিশ্বকাপ অনুষ্ঠিত হ'ব ৰিকী পণ্টিং,গীলখ্ৰীষ্টৰ দেশ অষ্ট্ৰেলিয়াত।

Advertisment

মুম্বাইৰ পৰা বিশেষ বিমানেৰে উৰা মাৰি অষ্ট্ৰেলিয়াৰ পাৰ্থত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দল। হাতত বৰ বেছি সময় নাই হেতুকে অষ্ট্ৰেলিয়াৰ পৰিৱেশত নিজকে খাপ খুৱাই ল'বলৈ আজি ভাৰতীয় ক্ৰিকেটাৰ সকলে অনুশীলন আৰম্ভ কৰে। অৱশ্যে নেট অনুশীলনৰ পৰিৱৰৰ্তে শাৰীৰিক অনুশীলনত ভাগ লয় দলৰ ক্ৰিকেটাৰ সকলে।

virat kohli
virat kohli

উল্লেখ্য যে বিশ্বকাপত অংশগ্ৰহন কৰা প্ৰতিটো দলে প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে দুখনকৈ প্ৰস্তুতি মেচ খেলিবলৈ পাব। সেই অনুসৰি ভাৰতেও ১৭ আৰু ১৯ অক্টোবৰত ক্ৰমে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ বিপক্ষে প্ৰস্তুতি মেচত ভাগ ল'ব।

অন্যহাতে বিৰাট কোহলি,কে এল ৰাহুল আৰু প্ৰতিভাৱান সূৰ্য কুমাৰ যাদৱৰ শেহতীয়া প্ৰদৰ্শন দলৰ বাবে ইতিবাচক দিশ।

T-20WC cricket aus india