শ্বেয়াৰ বজাৰ উন্নীত কৰি কিউ আই পিৰ জৰিয়তে ১ লাখ কোটিৰো অধিক ধন সংগ্ৰহ ভাৰতীয় কোম্পানীৰ

চলিত বৰ্ষৰ শেষৰ ফালে অৰ্থাৎ নৱেম্বৰত লাভৰ মুখ দেখিছে ভালেকেইটা ভাৰতীয় কোম্পানীয়ে। বিভিন্ন খণ্ডৰ কোম্পানীসমূহৰ লাভৰ হাৰে শ্বেয়াৰ বজাৰ উন্নীত কৰাৰ ক্ষেত্ৰতো যোগাইছে বিশেষ বৰঙণি

author-image
Asomiya Pratidin
New Update
dfg

ডিজিটেল ডেস্ক : চলিত বৰ্ষৰ শেষৰ ফালে অৰ্থাৎ নৱেম্বৰত লাভৰ মুখ দেখিছে ভালেকেইটা ভাৰতীয় কোম্পানীয়ে। বিভিন্ন খণ্ডৰ কোম্পানীসমূহৰ লাভৰ হাৰে শ্বেয়াৰ বজাৰ উন্নীত কৰাৰ ক্ষেত্ৰতো যোগাইছে বিশেষ বৰঙণি। 

Advertisment

যোগ্যতাসম্পন্ন প্ৰতিষ্ঠানিক প্লেচমেণ্ট চমুকৈ কিউ আই পিৰ জৰিয়তে দেশৰ কোম্পীনসমূহৰ সামগ্ৰীক লাভৰ পৰিমাণ হৈছে ১ লাখ কোটিৰো অধিক। উল্লেখযোগ্য যে এই পদ্ধতিটো অৱলম্বন কৰাৰ ফলত ২০২৪ত কোম্পানীসমূহে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয়। 

এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে এই সন্দৰ্ভত প্ৰাইম ডাটাবেছে প্ৰস্তুত কৰিছিল এক প্ৰতিবেদন। এই প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি এটা কেলেণ্ডাৰ বৰ্ষত ভাৰতৰ কোম্পানীসমূহে প্ৰথমবাৰৰ বাবে ১ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। 

যাৰ ফলত শ্বেয়াৰ বজাৰেও এক শক্তিশালী স্থিতিত উপনীত হৈছে। প্ৰাইম ডাটাবেছৰ প্ৰকাশিত তথ্য অনুসৰি নৱেম্বৰ পৰ্যন্ত কিউ আই পিৰ জৰিয়তে ভাৰতীয় কোম্পানীসমূহে ১,২১,৩২১ কোটি টকা সংগ্ৰহ কৰিছে। পূৰ্বৰ কেলেণ্ডাৰ বৰ্ষত ইয়াৰ পৰিমাণ আছিল ৫২,৩৫০ কোটি টকা। 

কিন্তু চলিত বৰ্ষত লাভৰ পৰিমাণ দুগুণতকৈও অধিক বৃদ্ধি হৈ অভিলেখ স্থাপন কৰিবলৈ সক্ষম হয় কোম্পানীসমূহে। অনাগত দিনত এই ধাৰা অৱ্যাহত থাকিলে নিশ্চিতভাৱে কোম্পানীসমূহে দেশৰ বিকাশত উদগনি যোগাব বুলি আশা কৰিব পাৰি। উল্লেখ্য যে সংস্থাটোৱে দেশৰ ৮২টা কোম্পানীক সামৰি চলাইছিল এই সমীক্ষা। এই কোম্পানীসমূহৰ ভিতৰত জোমাট’, বেদান্ত গোট, আদানি এনাৰ্জি ছলিউচন, বৰুণ বেভাৰেজ আদি প্ৰধান।

অৰ্থনীতি india govt