সুদীৰ্ঘ ৯ বছৰৰ অন্তত অৰ্ধশতকৰ মুখ দেখিলে নায়াৰে

প্ৰাপ্তি ! সমালোচকক যোগ্য প্ৰত্যুত্তৰ কৰুণ নায়াৰৰ। দীৰ্ঘদিনীয়া ব্যৰ্থতাৰ অৱসান ঘটাই ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ অন্তিম টেষ্টৰ প্ৰথম ইনিংছত উজলি উঠিল অভিজ্ঞ বেটাৰ কৰুণ নায়াৰ।

author-image
Asomiya Pratidin
New Update
AP FOR WEB karun

ডিজিটেল ডেস্ক : প্ৰাপ্তি ! সমালোচকক যোগ্য প্ৰত্যুত্তৰ কৰুণ নায়াৰৰ। দীৰ্ঘদিনীয়া ব্যৰ্থতাৰ অৱসান ঘটাই ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ অন্তিম টেষ্টৰ প্ৰথম ইনিংছত উজলি উঠিল অভিজ্ঞ বেটাৰ কৰুণ নায়াৰ।

Advertisment

মেচখনৰ প্ৰথম ইনিংছত তেওঁৰ অৰ্ধশতকীয় ইনিংছৰ ফলত ভাৰতে এক সন্তোষজনক স্ক’ৰ থিয় কৰাবলৈ সক্ষম হয় প্ৰতিপক্ষ ইংলেণ্ডৰ সন্মুখত। দলৰ সংকটৰ সময়ত নায়াৰে অতি দৃঢ়তাৰে ৰক্ষণাত্মক ১০৯ টা বলত তেওঁ ৫৭ ৰানৰ বৰঙণি যোগায়।

প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বে নায়াৰে ২০১৬ চনৰ ১৮ ডিচেম্বৰত ইংলেণ্ডৰ বিৰুদ্ধে চেন্নাইত প্ৰথম টেষ্ট অৰ্ধশতক আহিছিল তেওঁৰ বেটৰ পৰা। তাৰোপৰি দ্বিতীয়টো অৰ্ধশতক সম্পূৰ্ণ কৰিবলৈ মাজত তেওঁ সুদীৰ্ঘ ৯ বছৰ অপেক্ষা কৰিব লগা হয়।

কাৰ্যতঃ ৩,১৪৯ দিনৰ পিচত তেওঁ অৰ্ধশতক সম্পূৰ্ণ কৰি একপ্ৰকাৰ সমালোচকক যোগ্য প্ৰত্যুত্তৰ দিয়ে। হয়তো এনে দুৰ্যোগৰ সময়ত তেওঁৰ বাবে ইয়াতকৈ ডাঙৰ প্ৰাপ্তি একো নাই !

ind vs eng