বাৰে বাৰে ভাৰতক জোকাঁই থকা পাকিস্তানক উচিত প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ...

অশান্ত হৈ পৰিছে ভাৰত-পাক সীমান্ত। যোৱা ১১ফেব্ৰুৱাৰীত সীমান্ত সন্দেহযুক্ত পাক সন্ত্ৰাসবাদীৰ আই ই ডি বিস্ফোৰণত দুজনকৈ ভাৰতীয় সেনা জোৱান নিহত হোৱাৰ পাছতে অধিক কটকটীয়া কৰি তোলা হৈছে সীমান্ত।

author-image
Asomiya Pratidin
New Update
ভাৰতীয় সেনা.

ভাৰতীয় সেনা.

ডিজিটেল ডেস্কঃ অশান্ত হৈ পৰিছে ভাৰত-পাক সীমান্ত। যোৱা ১১ফেব্ৰুৱাৰীত সীমান্ত সন্দেহযুক্ত পাক সন্ত্ৰাসবাদীৰ আই ই ডি বিস্ফোৰণত দুজনকৈ ভাৰতীয় সেনা জোৱান নিহত হোৱাৰ পাছতে অধিক কটকটীয়া কৰি তোলা হৈছে সীমান্ত। 

ইফালে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ সীমান্ত পাক সেনাই ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ ঘটনা পোহৰলৈ আহিছে। পাক সেনাৰ এই যুদ্ধ বিৰতি উলংঘন কাৰ্যত কোনো ভাৰতীয় সেনা হতাহত হোৱা নাই যদিও ভাৰতীয় সেনাইও পাক সেনাক দিয়ে উচিত প্ৰত্যুত্তৰ। 

ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰত পাক সেনাৰ বহু ক্ষতি হৈছে বুলি পি টি আয়ে প্ৰকাশ কৰিছে। অৱশ্যে এই খবৰক লৈ কোনো আনুষ্ঠানিক ঘোষণা প্ৰকাশ কৰা নাই ভাৰতীয় সেনাৰ তৰফৰ পৰা।  পি টি আয়ে প্ৰকাশ কৰা খবৰ অনুসৰি, এল অ চিৰ কাষৰীয়া টাৰকুণ্ডি অঞ্চলত পাক সেনাই যুদ্ধবিৰতি উলংঘন কৰি গুলীচালনা কৰিছিল। তাৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ গুলীবৰ্ষণত পাক সেনাৰ যথেষ্ট ক্ষতি হোৱাৰ খবৰ আহিছে। 

উল্লেখ কৰা প্ৰয়োজন যে, বিগত দিনকেইটাত ধাৰাবাহিকভাৱে সীমান্ত অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছে পাক সেনাই। যোৱা ৮ফেব্ৰুৱাৰীতো এনে কাণ্ডই সংঘটিত কৰিছিল পাক সেনাই। ইয়াৰ পিছতে ১১ফেব্ৰুৱাৰীত পাক সেনাৰ আই ডি বিস্ফোৰণত সীমান্তত নিহত হৈছিল দুগৰাকী সেনা জোৱান।

ভাৰতীয় সেনা