গৰৈমাৰীৰ সেনা জোৱান মহেন্দ্ৰ গৌতম আৰু নাই

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত অকাল মৃত্যুক আঁকোৱালি লয় ভাৰতীয় সেনা বাহিনীৰ জোৱানগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ২৭ বছৰ। 

author-image
Asomiya Pratidin
New Update
15

ডিজিটেল সংবাদ, ওৰাং : ওৰাঙৰ গৰৈমাৰীৰ ভাৰতীয় সেনা জোৱান মহেন্দ্ৰ গৌতম আৰু নাই। সোমবাৰে নিশা ওৰাঙৰ গেলাবিলত এক পথ দুৰ্ঘটনা সংঘটিত হৈ গুৰুতৰভাৱে আহত হৈছিল মহেন্দ্ৰ গৌতম। 

অৱশেষত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত অকাল মৃত্যুক আঁকোৱালি লয় ভাৰতীয় সেনা বাহিনীৰ জোৱানগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ২৭ বছৰ। 

প্ৰণিধানযোগ্য যে, ২০১৫ চনত ভাৰতীয় সেনাৰ গোৰ্খা ৰেজিমেন্টত ভৰ্তি হৈছিল মহেন্দ্ৰ। আজি সন্ধিয়া ভাৰতীয় সেনা বাহিনী আৰু অজস্ৰ গুণমুগ্ধই শেষ বিদাই জনাই জোৱানজনক। মহেন্দ্ৰ গৌতমৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

জোৱান