নাৰেংগীত হোৱা ভাৰতীয় সেনাৰ নিযুক্তি পৰীক্ষাত অনিয়ম কৰি ধৰা পৰিল উত্তৰ প্ৰদেশ, হাৰিয়ানাৰ ১৩পৰীক্ষাৰ্থী...

যোৱা ২মাৰ্চ ২০২৪, দেওবাৰে গুৱাহাটীৰ নাৰেংগীস্থিত সেনা শিবিৰত অনুষ্ঠিত হৈছিল ভাৰতীয় সেনা বাহিনীৰ নিযুক্তি পৰীক্ষা। মুঠ ৯টা বিশেষ শাখাৰ নিযুক্তিৰ বাবে ভাৰতীয় সেনা বাহিনীয়ে ২ডিচেম্বৰ, ২০২৪ত এক

author-image
Asomiya Pratidin
New Update
web exam

ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাৰ নিযুক্তিতো ব্যাপক অনিয়ম সংঘটিত হয়। এই ভয়ংকৰ অনিয়মৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিল। দৰাচলতে সকলোৱে সাধাৰণ দৃষ্টিত ভাৱে যে, ভাৰতীয় সেনাৰ মকৰলৰ ক্ষেত্ৰত অতি স্বচ্ছতা আৰু যোগ্যজনেহে লাভ কৰে চাকৰি। কিন্তু শেহতীয়াকৈ উত্তৰ পূব ভিত্তিত অসমত অনুষ্ঠিত হোৱা  সেনা বাহিনীৰ নিযুক্তি পৰীক্ষাত ব্যাপক অনিয়মৰ তথ্য পোহৰলৈ আহিল।

Advertisment

যোৱা ২মাৰ্চ ২০২৪, দেওবাৰে গুৱাহাটীৰ নাৰেংগীস্থিত সেনা শিবিৰত অনুষ্ঠিত হৈছিল ভাৰতীয় সেনা বাহিনীৰ নিযুক্তি পৰীক্ষা। মুঠ ৯টা বিশেষ শাখাৰ নিযুক্তিৰ বাবে ভাৰতীয় সেনা বাহিনীয়ে ২ডিচেম্বৰ, ২০২৪ত এক জাননী জাৰি কৰিছিল। মুঠ ৭২৩টা পদৰ বাবে এই জাননী জাৰি কৰা হৈছিল।  সেই সূত্ৰেই গুৱাহাটীৰ নাৰেংগীত ফায়াৰ মেন, চুইপাৰ আৰু ট্ৰেডছমেনৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা।

222AB0Dৰ অধীনত ARMY ORDINANCE CORPSএ  নাৰেংগীত এই তিনিটা শাখাৰ পদবীৰ বাবে আয়োজন কৰিছিল পৰীক্ষা। উল্লেখ কৰা প্ৰয়োজন যে, ফায়াৰমেন শাখাৰ বাবে ২৪৭টা, ট্ৰেডছমেনৰ বাবে ৩৮৯টা আৰু চুইপাৰৰ ৭টা পদবীৰ বাবে অনুষ্ঠিত হৈছিল এই পৰীক্ষা।

পৰীক্ষাৰ বাবে সকলোখিনি আয়োজন সুচাৰুভাৱে সম্পন্ন কৰা হৈছিল যদিও অৱশেষত পোহৰলৈ আহিল ভয়ংকৰ এক তথ্য। বহিঃৰাজ্যৰ পৰা অহা কেইগৰাকীমান পৰীক্ষাৰ্থীয়ে অসত উপায় অৱলম্বন কৰি পৰীক্ষাত উৰ্ত্তীণ হবলৈ কৰা চেষ্টা পোহৰলৈ আহিল। তাৰ পিছতে পৰীক্ষাকেন্দ্ৰত লাগে হুৱাদুৱা।

হাৰিয়ান আৰু উত্তৰ প্ৰদেশৰ পৰা অহা প্ৰায় ১২গৰাকী পৰীক্ষাৰ্থীয়ে নীতিবৰ্হিভূতভাৱে পৰীক্ষাকেন্দ্ৰত ব্যৱহাৰ কৰিছিল মোবাইল ফোন, আইপেড, অন্যান্য কিছু ইলেক্টনিক ডিভাইচৰ। এই ভয়ংকৰ খবৰ পোৱাৰ পাছতে সেনা বাহিনীৰ লোকে পৰীক্ষা কেন্দ্ৰত তন্ন তন্নকৈ পৰীক্ষা চলায় আৰু এগৰাকী মহিলা পৰীক্ষাৰ্থীৰ সৈতে ১২গৰাকী পৰীক্ষাৰ্থীক হাটে-লুটে ধৰা পেলায়।

সেনা বাহিনীৰ লোকে এই ১৩গৰাকী অভিযুক্তক গতাই দিলে সাতগাওঁ আৰক্ষীক। আৰক্ষীৰ সোধপোচত আটাইকেইজনে নিজৰ ভুল স্বীকাৰ কৰে।  আৰক্ষীৰ জিম্মাত থকা এই ১৩গৰাকী পৰীক্ষাৰ্থী হৈছে- য়ুথবীৰ, মোহন, বিশ্বাস, তুষাৰ, অনিল, ৰিংকু, কুলদ্বীপ, গুৰমিত, হৰিশ, সন্দীপ কুমাৰ, বিলু, ইনু আৰু প্ৰাণদ্বীপ কুমাৰ। এই আটাইকেইগৰাকীৰ ভিতৰত ১২গৰাকী হাৰিয়ানাৰ আৰু এগৰাকী উত্তৰ প্ৰদেশৰ।

উল্লেখ কৰা প্ৰয়োজন যে, অসমত এনেদৰে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত বহিঃৰাজ্যৰ পৰীক্ষাৰ্থী আহি এনে অসত পথ অৱলম্বন কৰা কাৰ্য নতুন নহয়। অন্যান্য বিভিন্ন পৰীক্ষাত এনে পন্থা অৱলম্বন কৰি ধৰাও পৰিছে বহিঃৰাজ্যৰ পৰীক্ষাৰ্থী। কিন্তু সেনা বাহিনীৰ পৰীক্ষাত এনে পন্থা অৱলম্বন কৰিবলৈ সাহস কৰা ঘটনা এয়ে প্ৰথম।

কটকটীয়া নিৰাপত্তাৰ মাজত সেনা বাহিনীৰ চাউনীত অনুষ্ঠিত হোৱা পৰীক্ষাটোত এনে অনিয়ম কোনো ভিতৰুৱা ব্যক্তিৰ সহায়ৰ অবিহনে অসম্ভৱ বুলি একাংশই ক্ষোভ প্ৰকাশ কৰিছে।  ইফালে সেনা বাহিনীৰ লগতে অন্যান্য বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা অসমৰ প্ৰাৰ্থীয়ে গম নোপোৱাকৈয়ে পূৰ্বে অসমত বহুবাৰ অনুষ্ঠিত হৈ যোৱাৰো নজিৰ আছে। 

ভাৰতীয় সেনাত চাকৰি