/asomiyapratidin/media/media_files/2025/07/13/whatsapp-image-20-2025-07-13-18-59-36.jpeg)
ডিজিটেল ডেস্কঃ ম্যানমাৰৰ নিষিদ্ধ বিদ্ৰোহী সংগঠন আলফা (স্বা)ৰ ঘাটিত ড্ৰ’ন আক্ৰমণ চলোৱাৰ কথা অস্বীকাৰ কৰিছে ভাৰতীয় সেনাই। দেওবাৰে নিষিদ্ধ ঘোষিত সংগঠনটোৱে দাবী কৰে যে ম্যানমাৰত থকা সংগঠনটোৰ কাৰ্যালয়ক পুৱাতে ভাৰতীয় সেনাই ড্ৰ’নেৰে লক্ষ্য কৰি লৈছিল।
এই আক্ৰমণত তেওঁলোকৰ ৩ জন কেডাৰ নিহত হোৱাৰ লগতে কেবাজনো আহত হোৱাৰ তথ্য পোৱা গৈছে। ঘটনা পাছতে এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰে সংগঠনটোৱে। আক্ৰমণত আলফা (স্বাঃ)ৰ ৩গৰাকী শীৰ্ষ নেতা ক্ৰমে লেঃ জেনেৰেল নয়ন অসম, ব্রিগেডিয়াৰ গণেশ অসম, কৰ্ণেল প্রদীপ অসম নিহত হয়।
তাৰোপৰি সেই সময়ছোৱাত শিবিৰত উপস্থিত থকা মণিপুৰৰ পিপলছ লিবাৰেশ্যন আৰ্মীৰ ৰাজনৈতিক শাখা ৰিভল্যুচনেৰী পিপলছ ফ্ৰণ্ট (আৰ পি এফ)কে ধৰি মণিপুৰী বিদ্ৰোহী সংগঠনৰ একাংশ কেডাৰ কিছু আহত হয়।
অৱশ্যে আনুষ্ঠানিক বিবৃতিত ভাৰতীয় সেনাই এই দাবীসমূহ অস্বীকাৰ কৰিছে। গুৱাহাটীৰ পি আৰ অ’ ডিফেন্স লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটেে প্ৰদান কৰা তথ্য অনুসৰি, ভাৰতীয় সেনাৰ পৰা এনে অভিযান সন্দৰ্ভত কোনো তথ্য পোৱা নাই।
পৰেশ বৰুৱাৰ নেতৃত্বত চলি থকা আলফা (স্বা)ৰ হাতত এতিয়া মাত্ৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তা অৰুণোদয় দোহোতীয়াৰ হাতত বাকী আছে, যিজন ম্যানমাৰত আছে। ম্যানমাৰৰ শিবিৰৰ বাহিৰত অপাৰেচন কৰা আন এজন জ্যেষ্ঠ উলফা (আই) কমাণ্ডাৰ ৰূপম আছমক মে’ মাহত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
প্ৰণিধানযোগ্য যে, যোৱা কেইটামান দিনত ম্যানমাৰ সেনাই সীমান্তৱৰ্তী বিভিন্ন অঞ্চলত নিৰীহ লোকৰ ওপৰত বোমা বৰ্ষণ কৰাৰ অভিযোগো উত্থাপন হৈছিল। সেয়েহে ভাৰতীয় সেনাই আজিৰ আক্ৰমনৰ কথা অস্বীকাৰ কৰা পাছত স্বাভাৱিকতে আক্ৰমনৰ সন্দেহৰ আঙুলি ম্যানমাৰ সেনালৈ উঠিছে।