আজি ভাৰতীয় সেনা দিৱস

১৯৪৯ চনৰ ১৫ জানুৱাৰী তাৰিখে পোন প্ৰথমবাৰৰ বাবে কে. এম. কাৰীয়াপ্পা স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় সেনা অধ্যক্ষ হিচাপে পৰিগণিত হয়। তেতিয়াৰ পৰায়ে প্ৰতি বছৰে ১৫ জানুৱাৰী তাৰিখে সেনা দিৱস পালন কৰা হয়।

author-image
Asomiya Pratidin
New Update
আজি ভাৰতীয় সেনা দিৱস

ডিজিটেল ডেস্কঃ আজি ভাৰতৰ ৭৬ সংখ্যক ভাৰতীয় সেনা দিৱস । প্ৰতি বছৰে ১৫ জানুৱাৰী তাৰিখে এই দিৱস পালন কৰা হয়। ১৯৪৯ চনৰ ১৫ জানুৱাৰী তাৰিখে ভাৰতীয় সেনাৰ প্ৰথম কমাণ্ডাৰ ইন চীফ কন্দনডেৰা এম. কাৰীয়াপ্পায়ে (লেফটেনেণ্ট জেনেৰেল) অন্তিম ব্ৰিটিছ কমাণ্ডাৰ ইন চীফ জেনেৰেল ছাৰ ফ্ৰান্সিছ বুটচাৰৰ পৰা কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল। পিছলৈ তেওঁ ভাৰতৰ ফিল্ড মাৰ্শ্বাল পদলৈ উন্নীত হৈছিল। এই দিৱসত ভাৰতৰ বিভিন্ন প্ৰান্তৰ সেনাৰ কাৰ্য্যালয়ৰ লগতে ৰাজধানী দিল্লীত বিভিন্ন অনুষ্ঠান আৰু পেৰেড অনুষ্ঠিত কৰি পালন কৰা হয়।

Advertisment

উল্লেখ্য যে সেনা দিৱস ইণ্ডিয়া গেটৰ কাষত থকা অমৰ জোৱান জ্যোতিত কেন্দ্ৰীয় ভাৱে উদ্‌যাপন কৰা হয়। এই দিৱস দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া সকলো ছহিদ সেনা সকললৈ শ্ৰদ্ধা নিবেদন কৰিবলৈ অনুষ্ঠিত কৰা হয়। কে. এম. কাৰীয়াপ্পা ১৯৪২ চনত এটা ইউনিতত কমাণ্ড দিবলৈ যোগ্য বুলি বিবেচিত হোৱা প্ৰথমজন ভাৰতীয় সেনাৰ বিষয়া আছিল।

১৯৪৯ চনৰ ১৫ জানুৱাৰী তাৰিখে পোন প্ৰথমবাৰৰ বাবে কে. এম. কাৰীয়াপ্পা স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় সেনা অধ্যক্ষ হিচাপে পৰিগণিত হয়। তেতিয়াৰ পৰায়ে প্ৰতি বছৰে ১৫ জানুৱাৰী তাৰিখে সেনা দিৱস পালন কৰা হয়।

ভাৰতীয় সেনা দিৱসৰ সৈতে সংগতি ৰাখি পুৱাই দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে দেশমাতৃৰ সুৰক্ষাত নিয়োজিত সৈনিকসকলক সামাজিক মাধ্যমযোগে অভিনন্দনৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰতিকূল অঞ্চলত প্ৰাকৃতিক দুৰ্যোগকো নেওচি দেশৰ সুৰক্ষাৰ বাবে অহৰহ কাম কৰি থকা বীৰ জোৱানসকলক টুইটাৰযোগে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে ।

Also Read: উৰুকাৰ দিনাই সন্ধানহীন বেলতলাৰ ১৪ বছৰীয়া কিশোৰী...

pm of india president of india indian army