/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/air-game.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনাই বুধবাৰে মুকলি কৰে এয়াৰ কম্বেট গেম(Air Combat Game)। ভাৰতীয় বায়ু সেনা প্ৰধান বীৰেন্দ্ৰ সিং ধনোৱাই মুকলি কৰে এই গেম। বায়সেনাৰ এই বিশেষ গেমবিধ এনড্ৰয়ড আৰু আই অ এছ দুয়োটা ডিভাইছতে খেলিব পাৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EAyGKQHXsAAbKPG.jpg)
গেমটোৰ এক বিশেষ ট্ৰেইলাৰ ১০ দিনৰ পূৰ্বে মুকলি কৰি দিয়া হৈছিল, যত দেখা গৈছ্ল উইং কামাণ্ডাৰ অভিনন্দনক। যুঁজাৰু বিমান চলাই শত্ৰুৰ সৈতে যুঁজ দিয়া এই ট্ৰেইলাৰতো কমসময়ৰ বিতৰতে হৈ পৰিছিল জনপ্ৰিয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EAyGKQBXsAAniOF.jpg)
উল্লেখ্য যে, এই গেমটোত খেলুৱৈজনে এজন যুঁজাৰু বিমানৰ পাইলট হিচাপে অংশ লব লাগিব। গেমটো আৰম্ভ হোৱাৰ পূৰ্বে যুঁজাৰু বিমানখন কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগিব সেই সম্পৰ্কে খেলুৱৈজনক অৱগত কৰা হব। এই গেমত ভাৰতীয় বায়ুসেনাৰ প্ৰায়বোৰ বিমান নক্সা ব্যৱহাৰ কৰা হৈছে, ইয়াৰ ভিতৰত আছে ৰাফেলো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EAyGKQwWsAAASQa.jpg)