মোদীৰ নিৰ্দেশ, ইউক্ৰেইনৰ পৰা ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে সহায় কৰিব ভাৰতীয় বায়ু সেনাই

মোদীৰ নিৰ্দেশ, ইউক্ৰেইনৰ পৰা ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে সহায় কৰিব ভাৰতীয় বায়ু সেনাই

author-image
asomiyapratidin
New Update
মোদীৰ নিৰ্দেশ, ইউক্ৰেইনৰ পৰা ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে সহায় কৰিব ভাৰতীয় বায়ু সেনাই

ডিজিটেল ডেস্ক: ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিক সকলক ৰক্ষাৰ বাবে ভাৰতে অহৰহ চেষ্টা কৰি আছে। এই সমগ্ৰ দিশটোত প্ৰধানমন্ত্ৰীয়ে নিজেই গুৰুত্ব সহকাৰে পৰিদৰ্শন কৰা দেখা গৈছে।

Advertisment

ইয়াৰ মাজতে ভাৰতীয় বায়ু সেনাক বিশেষ নিৰ্দেশ জাৰি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়।সূত্ৰ অনুসৰি জানিব পৰা মতে অপাৰেশ্যন গংগাৰ অধীনত ইউক্ৰেইনৰ বিবাদমান এলেকাৰ পৰা ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰাত সহায়ৰ বাবে ভাৰতীয় বায়ু সেনাকো আহ্বান জনাইছে মোদীয়ে।

বায়ু সেনাই বিমানৰ লগত জড়িতৰ পৰা আৰম্ভ কৰি ভাৰতীয় সকল উভতি অহালৈ সকলো প্ৰক্ৰিয়ায়েই নিৰীক্ষণ কৰিব।ইয়াৰোপৰি ভাৰতৰ পৰা ইউক্ৰেইনলৈ নাগৰিকৰ সকলৰ বাবে সামগ্ৰীও প্ৰেৰণ কৰিব। ভাৰতীয় বায়ু সেনাৰ চি-১৭ বিমান আজি অপাৰেশ্যন গংগাৰ অধীনত ইউক্ৰেইনলৈ বুলি উৰা মাৰিব পাৰে।

indian air force india ukraine russia